ৰেডিচন ব্লুত ফুট মিক্সিঙ উৎসৱ

গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত আগন্তুক খ্ৰীষ্টমাছ উপলক্ষে কালি অনুষ্ঠিত হয় ফ্রুট মিক্সিং চেৰেমনী শীৰ্ষক এক উৎসৱ । বিশেষকৈ সুগন্ধই সমৃদ্ধ পৰম্পৰা আৰু উৎসৱৰ বতৰক প্ৰাণৱন্ত কৰি তোলে’ এই লক্ষ্যৰে ফ্রুট মিক্সিং চেৰেমনীয়ে এক সুখৰ বতৰা কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰা হৈছে।এই সন্দৰ্ভত ৰেডিচন ব্লুৰ মহা প্ৰবন্ধক বিশাল জামুৱাৰে কয় খ্রীষ্টমাছ পুডিং, উৎপন্ন হৈছিল ইংলেণ্ডত যাক প্লাম পুডিং বুলিও কোৱা হয় । ইয়াক পৰম্পৰাগতভাৱে খ্ৰীষ্টমাছৰ পাঁচ সপ্তাহ আগতে এডভেণ্টৰ আগৰ দেওবাৰে বা তাৰ পিছত আৰম্ভ হয় ।
যোৱা বছৰসমূহত ফ্রুট মিক্সিং এক ৰীতি-নীতিত পৰিণত হৈছে আৰু এনে উপলক্ষৰ স্মৃতি সকলোৱে যুগমীয়া কৰি ৰাখিবলৈ আগবাঢ়ি আহে। অনুষ্ঠানত ৰেডিচন ব্লুৰ সঞ্চালক(ই এ এম) বিকাশ বাৰ্মা , সঞ্চালক ( বিক্ৰয় ) ৰেকিবুৰ ৰহমানকে ধৰি কেবাগৰাকী কাৰ্যবাহী উপস্থিত থাকে।

Comments (0)
Add Comment