আমি প্ৰতিজন ব্যক্তিয়েই নিজৰ ঘৰৰ চৌহদ নিকা কৰি ৰাখিব লাগে। এটা স্বচ্ছ পৰিবেশতেহে সুস্থ, নিৰোগী জীৱন যাপন কৰা সম্ভৱ। এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰিহণ দৈমাৰীৰ। আজি স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ শীৰ্ষক এক অভিযান কাৰ্য্যসূচী মুকলি কৰি মন্ত্রীগৰাকীয়ে কয় যে অনাময় ব্যৱস্থাক এশ শতাংশ সফল কৰি তোলাৰ বাবে চেষ্টা চলোৱা হ’ব। অহা এক আগষ্টৰ পৰা ৩১ আগষ্টলৈকে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণৰ কাৰ্য্যসূচী চলিব। তেখেতে লগতে কয় যে এই কাৰ্য্যসূচীয়ে ৩৩ খন জিলাৰ ২১৯ টা ব্লক সামৰি ল’ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্বচ্ছ ৰথ মুকলি কৰে। জানিব পৰা মতে এই ৰথ খনৰ দ্বাৰা সজাগতামূলক কাৰ্য্যসূচী হাতত ল’ব। নেডফিৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত কৰা অনুষ্ঠানটোত বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ মুকলি

ডিব্ৰুগড় জিলাৰ মূল চহৰৰ কাষৰীয়া অঞ্চলৰ বজাৰ ,অটোৰিক্সা আস্থান ৰ দ’ৰে বিশেষ ঠাইত পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সহযোগিতা পাই থাকিলে জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলৰ বহু সময় ৰাহি হোৱাৰ লগতে সুকলমে কাম কৰিব পাৰিব ।