North Eastern Momo Fest 2017

North Eastern Momo Fest 2017

IMG-20170816-WA0015

Vas Incoporated ৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব North Eastern Momo Fest 2017। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত উদ্যোক্তা সকলে সদৰী কৰে যে জনসজাগতা, সমূহ জনসাধাৰণক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে মুখ ৰোচক খাদ্য মম’ ক নিৰ্বাচন কৰিলো। এই অনুষ্ঠানটোৰ সমান্তৰালকে বিভিন্ন প্ৰতিযোগিতাৰ লগতে কমেডি শ্ব’, মেজিক শ্ব’ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এই অনুষ্ঠানতো আয়োজন কৰা মূল উদ্দেশ্যে হ’ল সমাজৰ বাবে বিশেষ কিবা এটা কৰা। অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক জলন্ত সমস্যাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে পিছপৰা দুখীয়া মহিলা সকলৰ বাবে চেনিটাৰী নেপকিন আগবঢ়াব পৰা এক মহৎ আঁচনি হাতত লৈছে বুলি জানিবলৈ দিছে। জানিব পৰা মতে এই অনুষ্ঠানটো ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment