Vas Incoporated ৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব North Eastern Momo Fest 2017। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত উদ্যোক্তা সকলে সদৰী কৰে যে জনসজাগতা, সমূহ জনসাধাৰণক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে মুখ ৰোচক খাদ্য মম’ ক নিৰ্বাচন কৰিলো। এই অনুষ্ঠানটোৰ সমান্তৰালকে বিভিন্ন প্ৰতিযোগিতাৰ লগতে কমেডি শ্ব’, মেজিক শ্ব’ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এই অনুষ্ঠানতো আয়োজন কৰা মূল উদ্দেশ্যে হ’ল সমাজৰ বাবে বিশেষ কিবা এটা কৰা। অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক জলন্ত সমস্যাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে পিছপৰা দুখীয়া মহিলা সকলৰ বাবে চেনিটাৰী নেপকিন আগবঢ়াব পৰা এক মহৎ আঁচনি হাতত লৈছে বুলি জানিবলৈ দিছে। জানিব পৰা মতে এই অনুষ্ঠানটো ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হ’ব।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন