Oil India ৰ Super 30

Oil India ৰ Super 30

IMG-20170613-WA0045

মেধা সম্পন্ন দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অইল ইণ্ডিয়াই (OIL INDIA) এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আই আই টি (IIT) Advance পৰীক্ষা অনুষ্ঠিত কৰি মেধা ছাত্ৰ ছাত্ৰী সমূহক পথ দেখুৱাবলৈ সক্ষম হৈছে। আজি মহানগৰীৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইনত অনুষ্ঠিত হোৱা সাংবাদিকৰ মত বিনিময়ৰ এক অনুষ্ঠানত অইল ইণ্ডিয়া নিগমৰ ত্ৰিদিপ দুৱাৰাই মন্তব্য কৰে যে যাৰ বাৰ্ষিক আয় ২.৫ লাখতকৈ কম, তেনে পৰিয়ালৰ ৮১% লাভ কৰা ছাত্ৰ ছাত্ৰীক বিভিন্ন ক্ষেত্ৰৰ সক্ষমতা চাই Oil India Super- 30 ৰ বাবে বাচনি কৰা হয়। অসমত গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাওঁ আৰু অৰুণাচলৰ ইটানগৰত আমাৰ কেন্দ্ৰ আছে। এইবাৰ IIT Advance Examination ত  ৯৯ গৰাকীয়ে সফলতাৰে কৃতকাৰ্য্য হৈছে। স্মতৰ্ব্য যে এই গোটেই প্ৰক্ৰিয়াটো চলাই লৈ যোৱাত সহযোগ কৰিছে Centre For Social Responsibility & Leadership য়ে। অইল ইণ্ডিয়া নিগমৰ এনে সামাজিক দায়বদ্ধতাৰ বাবে বিভিন্ন জনৰ মাজত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

IMG-20170613-WA0046

Comments (2)
Add Comment
  • Manjit Dihingia

    সুন্দৰ পদক্ষেপ অভিনন্দন জনালোঁ