মেধা সম্পন্ন দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অইল ইণ্ডিয়াই (OIL INDIA) এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আই আই টি (IIT) Advance পৰীক্ষা অনুষ্ঠিত কৰি মেধা ছাত্ৰ ছাত্ৰী সমূহক পথ দেখুৱাবলৈ সক্ষম হৈছে। আজি মহানগৰীৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইনত অনুষ্ঠিত হোৱা সাংবাদিকৰ মত বিনিময়ৰ এক অনুষ্ঠানত অইল ইণ্ডিয়া নিগমৰ ত্ৰিদিপ দুৱাৰাই মন্তব্য কৰে যে যাৰ বাৰ্ষিক আয় ২.৫ লাখতকৈ কম, তেনে পৰিয়ালৰ ৮১% লাভ কৰা ছাত্ৰ ছাত্ৰীক বিভিন্ন ক্ষেত্ৰৰ সক্ষমতা চাই Oil India Super- 30 ৰ বাবে বাচনি কৰা হয়। অসমত গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাওঁ আৰু অৰুণাচলৰ ইটানগৰত আমাৰ কেন্দ্ৰ আছে। এইবাৰ IIT Advance Examination ত ৯৯ গৰাকীয়ে সফলতাৰে কৃতকাৰ্য্য হৈছে। স্মতৰ্ব্য যে এই গোটেই প্ৰক্ৰিয়াটো চলাই লৈ যোৱাত সহযোগ কৰিছে Centre For Social Responsibility & Leadership য়ে। অইল ইণ্ডিয়া নিগমৰ এনে সামাজিক দায়বদ্ধতাৰ বাবে বিভিন্ন জনৰ মাজত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
Nice step
সুন্দৰ পদক্ষেপ অভিনন্দন জনালোঁ