ৰঙালী বিহুৰ উপলক্ষ্যে

ৰঙালী বিহুৰ উপলক্ষ্যে

IMG-20170409-WA0048

চেনেহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী। তেনে সময়তে মহানগৰীৰ Ayursundra Superspeciality Hospital আয়োজন কৰে ৰঙালী বিহুৰ লগতে সংগতি ৰাখি অনুষ্ঠান। মহানগৰীৰ কটাহবাৰীস্থিত হস্পিতালৰ প্ৰাংগনত আয়োজন কৰা এই অনুষ্ঠান টোৰ আৰম্ভণিতে ৰোগী সকলক বিহুৰ উপলক্ষ্যে আৰোগ্য কামনা কৰি ফুলৰ থোপা আৰু বিহুৱান দিয়া হয়। আনহাতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। হস্পিতালখনত কৰ্মৰত বহুকেইগৰাকী কৰ্মীয়ে বিহুগীত, বাগৰুম্বা আদি পৰিবেশন কৰি দৰ্শকক আমোদ দিয়ে। অনুষ্ঠানটোত অভিনেত্ৰী নিশিতা গোস্বামী, পৰিচালক ৰাজেশ ভূঞা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মৃদুল হাজৰিকা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল।

IMG-20170409-WA0046

Comments (0)
Add Comment