উত্তৰ- পূৰ্বাঞ্চললৈ প্ৰধান মন্ত্ৰীৰ পেকেজ

বানপানী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সমস্যা। এনে সমস্যা প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। উত্তৰ পূবৰ ৰাজ্যসমুহলৈ ২০০০ কোটি টকা আৰু অসমলৈ ২৫০ কোটি বান সাহাৰ্য্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যেৰে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হয়। খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ উত্তৰ পূৰ্বাঞ্চলৰ বান আৰু ভুমিস্খলনত বিধস্ত তিনিখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰৰ মুখ্যমন্ত্ৰী সৈতে সুকীয়াভাৱে বৈঠকত মিলিত হয়।

বৈঠকৰ শেষত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত সদৰী কৰা মতে, মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বান সাহাৰ্য্য আৰু সংস্থাপনৰ বাবে ২,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে। অসমৰ বান সমস্যা সমাধান কাৰণে তাৎক্ষণিক ভাবে ২৫০ কোটি মোকলাই দিব। আনহাতে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক বিশেষ প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ গতিবিধি পৰ্যবেক্ষণ কৰি ৰাজ্যখনৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাট মুকলি কৰিব পৰা যাব। ইয়াৰ বাবে আছুতীয়াকৈ মোদীয়ে ১০০ কোটি ঘোষণা কৰে।

Comments (0)
Add Comment