একাঁজলি শ্ৰদ্ধাঞ্জলি

আজি শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যুদিন। ১৯৯১ চনৰ আজিৰ এই দিনটোতেই আততায়ীয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল শ্বহীদ সাংবাদিকগৰাকীক। ২৬ বছৰৰ পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ বিচাৰ আজিও নহল। আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰিছে। কিন্তু এইগৰাকী সাংবাদিকৰ বিষয়ে কিমান সংখ্যক যুৱচামৰ সাংবাদিকে জানে? যিকোনো এটা বৃত্তিত পোনপটীয়াকৈ জড়িত হোৱাৰ পূৰ্বে বৃত্তিটোত জড়িত প্ৰয়াত বা শ্বহীদসকলৰ জীৱনীৰ বিষয়ে সুক্ষ্ম দৃষ্টিকোণেৰে অধ্যয়ন কৰা উচিত বুলি ভাবো। বিশেষকৈ সাংবাদিকতা বৃত্তিটো হৈছে এটা নিৰপেক্ষ আৰু পবিত্ৰ বৃত্তি। এই বৃত্তিটোত জড়িত প্ৰতিগৰাকী জ্যেষ্ঠৰ অৰিহণা থাকে।  
জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ পিছতে অসমৰ সংবাদ জগতৰ আন এটা পৰিচিত নাম হৈছে শ্বহীদ কমলা শইকীয়া। শিক্ষকতাৰ উপৰিও পবিত্ৰ সাংবাদিকতাক পেচা হিচাপে লৈ দুৰ্নীতি আৰু সন্ত্ৰাসৰ বিৰুদ্ধে নিষ্ঠাসহকাৰে হাতত কলম লোৱা সাংবাদিক কমলা শইকীয়াই দি যোৱা আদৰ্শ অসমৰ নৱ প্ৰজন্মৰ সাংবাদিকসকলৰ বাবে অনুকৰণ কৰা উচিত।সময়ৰ কোবাল সোঁতত সংবাদ-মাধ্যমৰ ধাৰা সলনি হলেও জাতীয় শ্বহীদ পৰাগ কুমাৰ দাস, কমলা শইকীয়া আদিয়ে দি যোৱা সাংবাদিকতাৰ ধাৰা এতিয়াও একে আছে।
সততা আৰু নিষ্ঠাৰে সাংবাদিকতা কৰাসকলৰ জীৱনলৈ মৃত্যু বা এইধৰণৰ দুৰ্যোগ অহাটো স্বাভাৱিক। তদুপৰি কলম ৰুদ্ধ কৰাৰ বাবে অনেক উপঢাকনো আহিব পাৰে। এনেবোৰ উপঢাকনক একপ্ৰকাৰ নষ্যাত কৰি দুৰ্নীতি আৰু সন্ত্ৰাসৰ বিৰুদ্ধে অসমৰ অনেক সাংবাদিকে কলম ধৰি শ্বহীদ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে হত্যাৰ ভাবুকিলৈও কেৰেপ নকৰি সাংবাদিকতাকে মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা সেইসকল সাংবাদিকৰ ভিতৰত আছিল শ্ৰদ্ধাৰ কমলা শইকীয়া। এনে এগৰাকী নিষ্ঠা আৰু সততাৰে সাংবাদিকতা কৰা ব্যক্তি অসমত পুনৰ সৃষ্টি হ’বনে নাই নাজানো, কিন্তু শ্বহীদ কমলা শইকীয়াৰ হত্যাৰ তদন্ত হোৱাৰ কামনা কৰো। শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ বিষয়ে লিখাৰ ধৃষ্টতা নাই যদিও তেখেতে সাংবাদিকতা কালত দেখুৱাই থৈ যোৱা আদৰ্শই আমাৰ দৰে অনেক নতুন প্ৰজন্মৰ সাংবাদিকৰ বাবে হ’ব পথ প্ৰদৰ্শক। শেষত শ্বহীদ কমলা শইকীয়াক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তেখেতলৈ জনালোঁ চালাম। হে শ্বহীদ প্ৰণামো তোমাক।
জ্যোতিষ কুমাৰ পাতিৰ
Comments (1)
Add Comment
  • ৰেণু বৰুৱা ।

    শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথিত তেখেতক আজি শ্ৰদ্ধাৰে সোৱৰিছো । 26 বছৰেও এই হত্যাকাণ্ডৰ এতিয়ালৈকে বিচাৰ নোহোৱাতো অতি পৰিতাপৰ কথা । আমি আটায়ে এই হত্যাৰ তদন্ত হোৱাতো কামনা কৰো ।
    ৰেণু বৰুৱা
    Ph _ 9954368207