এমুঠি যোগাত্মক চিন্তা

অনুভৱৰ দলিচাত উঠাই

লৈ যাম তোমাক

দুৰ দিগন্তলৈ…

য’ত থাকিব

আশা আৰু সপোনৰ সমাহাৰ।।

লিখিবলৈ লোৱাৰ আৰম্ভণীতেই মনত দোলা দিয়া এটা স্তৱক আপোনালৈ আগবঢ়ালো। সুন্দৰ অনুভৱতেহে সুন্দৰ কামবোৰ সমাপন হয়। এক কথাত ক’বলৈ গ’লে আশা আৰু সপোনৰ আচঁলত ধৰি আমি জীৱন যুজত নামো, জীয়াই থকাৰ পণ কৰো অথবা জীৱনৰ সেন্দুৰীয়া বাটত খোজ দিও। ভাবি চাইছেনে কেতিয়াবা! আমাৰ মাজত যদি আশা আৰু সপোনবোৰ  নাথাকিল হেতেন জীৱনটো সুন্দৰভাবে যাপন কৰিব পাৰিলো হেতেন নে বাৰু? নিশ্চয়কে নোৱাৰিলো হেতেন। সময় আহি গ’ল পোৱা নোপোৱাৰ হিচাপ কৰাৰ… কাৰণ বছৰটোৱে বাগৰ সলাব হ’ল। আজিৰ পৰাই নতুন বছৰটো কিদৰে সজাব তাৰ পৰিকল্পনা প্ৰস্তুত কৰক। ইতিবাচক চিন্তাৰে মন, মগজু ভৰাই তোলক। দেখিব সকলোখিনি সঠিক ভাবে আগবাঢ়িছে। সমস্যাৰ পৰা পলায়ন নকৰি সমস্যাৰ লগত যুজবাগৰ কৰক, দেখিব নিজেই গত লাগিছে। আচলতে যোগ, ধ্যান, প্ৰাৰ্থনা আৰু যোগাত্মক অনুভৱে সকলো কামত আগবঢ়াৰ বাবে প্ৰেৰণা যোগায়। আহকচোন ইতিবাচক চিন্তাৰে জীৱনটো যাপন কৰো।

প্ৰিয় পাঠক, অনুভৱ খিনি কেনে লাগিল জনাবলৈ নাপাহৰিব । আপোনাৰ মতামতৰ বাবে আমি অপেক্ষাৰত । আপুনিও আপোনাৰ ইতিবাচক অনুভৱ ব্যক্ত কৰি আমালৈ লিখিব পাৰে । আমাৰ Email nefocus5@gmail.com

 

Comments (0)
Add Comment