কেইগৰাকীমান বিশিষ্ট সাংবাদিকৰ মনৰ কথা

আজি world press freedom day .এই দিৱস উপলক্ষে প্ৰেছ ক্লাৱ অৱ আছামে সমূহ সাংবাদিকলৈ শুভেচ্ছা জনাইছে বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে। আজি এই বিশেষ দিনটোত আমি কথা পাতিছিলো, বৰ্তমান সময়ত সাংবাদিকতাৰ লগত ওত:প্ৰোত ভাৱে জড়িত কেইগৰাকীমান বিশেষ ব্যক্তিৰ লগত। আমি তেখেত সকলৰ পৰা জানিব বিচাৰিছিলো, কেইটামান বিশেষ প্ৰশ্নৰ উত্তৰ ..
প্ৰশ্ন কেইটা হ’ল এনেধৰণৰ : –

(১)??সাংবাদিক সকলে মুক্ত মনে কাম কৰিব পাৰিছেনে?
(২)??এজন ভাল সাংবাদিক কিদৰে হ’ব পাৰি?
(৩)??অনলাইন জাৰ্ণেলিজিমে এই ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?
(৪)??আজিৰ দিনটোত আপোনাৰ অনুভৱ কি ?

এই ক্ষেত্ৰত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই এনেদৰে কয় যে- বৰ্তমান সময়ত সাংবাদিক সকলৰ কিছুমানে মুক্ত মনে কাম কৰিব পাৰিছে। কিছুমানে পৰা নাই। ইয়াৰ মূল কাৰণ হ’ল মালিক পক্ষৰ হেঁচা, চৰকাৰী অথবা ৰাজনৈতিক হাতোৰাৰ বন্দী হৈ সাংবাদিক কিছুমানে কাম কৰি আহিছে। এজন ভাল সাংবাদিক হ’বলৈ হ’লে পঢ়া শুনা কৰিব লাগিব, নিজস্ব চিন্তাধাৰা দৃষ্টিভংগী থাকিব লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ’ল বৃত্তিটোৰ প্ৰতি সেৱাৰ মনোভাব থাকিব। অনলাইন জাৰ্ণেলিজিমে কিছু ক্ষেত্ৰত নতুনত্ব আনিছে। মানুহক এক নতুন চিন্তাৰ খোৰাক দিছে। আজিৰ দিনটোত মোৰ অনুভৱ হ’ল স্বতন্ত্ৰতাৰে কাম কৰাৰ পৰিবেশ মই পাইছো আৰু অফিচত কাম কৰা সকলোৱে পাইছে।

অসমৰ অন্যতম আগশাৰীৰ নিউজ চেনেল নিউজ লাইভ। এই ক্ষেত্ৰত মেনেজিং এডিটৰ জাৰিৰ হুচেইনে এনেদৰে কয় -সাংবাদিক সকলৰ সততা নিজৰ ওপৰত, অনুষ্ঠানটোৰ ওপৰত নিৰ্ভৰ কৰে। এজন ব্যক্তি ভাল সাংবাদিক হ’বলৈ আত্মবিশ্বাস দৃঢ়তা আৰু সেৱাৰ মনোভাব থাকিব লাগিব।

বৰ্তমান সময়ত ডিজিটেল মেডিয়াই মানুহৰ মাজলৈ যাবলৈ সক্ষম হৈছে। ভুৱা বাতৰি পৰিবেশনৰ ক্ষেত্রত সদায় সজাগ হোৱা উচিত। আজিৰ দিনটোত মোৰ অনুভৱ হ’ল এনেধৰণৰ কোনোধৰণৰ আপোচ নকৰাকৈ সততাৰে কাম কৰি যাম।

গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱ ঠাকুৰীয়াই আমাৰ প্ৰশ্নৰ সম্পৰ্কত এনদৰে কয় যে সাংবাদিক সকলে বহু ক্ষেত্রত মুক্ত মনে কাম কৰিব পাৰিছে, বহু ক্ষেত্রত পৰা নাই। কিন্তু এতিয়া চ’চিয়েল মেডিয়াৰ পয়োভৰ বেছি। গতিকে সাংবাদিক সকলে কৰ্তব্যস্থলীত মুক্ত ভাৱে কাম কৰাৰ পৰিবেশ নাপালেও অলটাৰনেট মাধ্যমৰ যোগেদি প্ৰকাশ কৰিব পাৰে। সেই অৰ্থত মুক্ত ভাৱে সংবাদ সেৱা আগবঢ়াব পৰা পৰিবেশ সৃষ্টি হৈছে। ভাল সাংবাদিক হ’বলৈ হ’লে এজন নাগৰিক হ’ব লাগিব। নৈতিকতা থাকিব লাগিব, সাহসী হ’ব লাগিব। আৰু সত্যৰ প্ৰতি অনুসান্ধিৎসু মনোভাব থাকিব লাগিব। অনলাইন জাৰ্ণেলিজিমে সৰ্বগ্ৰাসী ভূমিকা পালন কৰিছে। অনলাইন জাৰ্ণেলিজিমে প্ৰিণ্ট মেডিয়া ইলেকট্ৰনিক মাধ্যমক প্ৰভাম্বিত কৰিছে। মানুহৰ সমাজ জীৱনত প্ৰভাম্বিত কৰিছে। পৃথিবীৰ মানুহৰ জীৱন যাত্ৰা প্ৰভাম্বিত হৈছে।

আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক প্ৰকাশ মহন্তই এনেদৰে কয়- সাংবাদিক সকলে মুক্ত মনেৰে আগবঢ়িবলৈ সুযোগ নাপালেও প্ৰত্যাহ্বান নেওচি আগবাঢ়ি গৈছে। গণতন্ত্ৰক সুৰক্ষাৰ বাবে সাংবাদিকসকলে নিজৰ কলম চলাই নিছে। এজন ভাল সাংবাদিক হ’বলৈ হলে মানুহৰ প্ৰতি, সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। তৃতীয়টো প্ৰশ্ন উত্তৰত তেখেতে এনেদৰে কয়- অনলাইন জাৰ্ণালিজিমে সংবাদ ক্ষেত্ৰত এক ন-মাত্ৰা আনিছে। নেতিবাচক আৰু ইতিবাচক দিশ এই দুয়োটা দিশ অনলাইন জাৰ্ণালিজিমে প্ৰতিফলিত কৰিছে।

এই সন্দৰ্ভত নিউজ-১৮ নৰ্থ ইষ্ট চেনেলৰ সম্পাদক পৰাগমণি আদিত্যই এনেদৰে কয়- উত্তৰ পূৰ্বাঞ্চলত খুব বিপদজনক ঠাই হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ৩৭ জন সাংবাদিকে প্ৰাণ হেৰুৱাইছে। এই ক্ষেত্ৰত খুব মুক্তভাৱে কাম কৰাৰ পৰিবেশ আছে বুলি ক’ব নোৱাৰিলেও পূৰ্বৰ তুলনাত ভাল হৈছে। মই ভাবো এজন ভাল সাংবাদিক হ’বলৈ হ’লে ভাষা জ্ঞান থাকিব লাগিব (যি ভাষাত সংবাদ চৰ্চা কৰে) দ্বিতীয়তে নিজস্ব দৃষ্টিভংগী থাকিব লাগিব। তৃতীয়তে সততা আৰু সেৱাৰ মনোভাৱ থাকিব লাগিব। জাৰ্ণালিজিমৰ ক্ষেত্ৰত ভুৱা বাতৰি, দায়বদ্ধতা এই শব্দ দুটাই প্ৰত্যাহ্বান আনিলেও নিশ্চয়কে সময়ত উত্তৰ ওলাব। আজিৰ দিনটোত মোৰ অনুভৱ হ’ল এনেধৰণৰ মই ব্যক্তিগতভাৱে গাঁৱৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছো। সমাজৰ বাবে কাম কৰাজন সদায় সুৰক্ষিত ভাৱে কাম কৰাৰ এটা পৰিবেশ পাওক তাকে আশা কৰো।

এয়া আছিল কেইগৰাকীমান সাংবাদিকৰ মনৰ কথা। এনেধৰণৰ গঠনমূলক পৰামৰ্শ, ইতিবাচক খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.Nefocus.com . এই আপাহতে সমূহ সতীৰ্থক শুভেচ্ছা জনাইছো।

 

 

 
 
 
 
 

সংগীতা শইকীয়া
সম্পাদক
এন.ই.ফ’কাচ ডটকম

Comments (0)
Add Comment