কেইবিধ মান আচাৰৰ প্ৰস্তুত প্ৰণালী

আচাৰ নামটো শুনিলেই মুখলৈ পানী অহা এটা শব্দ নহয়নে!আচাৰ খাই ভাল নোপোৱা মানুহ হয়তো কমেহে ওলাব। বৰ্তমান সময়টো আচাৰ প্ৰস্তুত কৰা সঠিক বতৰ। আপোনালোকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি আজি শিতানটো কেইবিধমান আচাৰৰ প্ৰস্তুত প্ৰণালীয়ে সজালো। আগবঢ়ালে সুজাতা পাঠক বৰাই।

মুলাৰ আচাৰ

প্ৰথমে মুলাখিনি কাটি হালধী, নিমখ সানি দুদিন ৰ’দাই লৈ মিঠাতেল গৰম কৰি শুকানকৈ ভজা পাঁচফোৰণ গুৰি কৰি জলকীয়া গুৰিৰে সৈতে মিলাই অলপ ভিনেগাৰ দি বটলত ভৰাই থব ।

মিৰিকা টেঙাৰ আচাৰ

টেঙা কেইটা ভালকৈ ধুই নিমখ, হালধী, জলকীয়াগুৰি সানি গৰম তেলত সৰহকৈ পকা জলকীয়া দি ভৰাই লৈ ওপৰে ওপৰে ভিনেগাৰ দি থৈ চোকা ৰদত থব  । এসপ্তাহ মানতেই খাব পৰা হ’ব । নাইবা বটলত থকা পুৰণি জলকীয়া আচাৰৰ লগত ভৰাই থব পাৰিব ।

কঠালৰ আচাৰ

কঠালৰ মুচিতো কাটি নিমখ, হালধী দি সিজাই লৈ পানী টুকি এদিন ৰদাই ল’ব । তাৰপিছত কেৰাহীত মিঠাতেল গৰম কৰি পাঁচফোৰণ গুৰি, জলকীয়া গুৰি, হালধী, নিমখ আৰু পকা জলকীয়া ভাজি তাতে কঠালখিনি দি অলপ দেৰি ভাজি জুইৰ পৰা নমাই লৈ একাপ ভিনেগাৰ মিহলাই দিব । কঠালৰ আচাৰত বেছি মছলা নিদিয়াই ভাল । ভজা পাঁচফোৰণ গুৰি দিব পাৰে, নিজৰ ইচ্ছানুসৰি …।

সুজাতা পাঠক বৰা
Comments (0)
Add Comment