গান্ধী জয়ন্তীৰ শুভেচ্ছাৰে

আজি গান্ধী জয়ন্তী।মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। সমগ্ৰ দেশে তেওঁৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰি আহিছে। Ne focus ৰ ফালৰ পৰাও নিবেদিছোঁ গান্ধী জয়ন্তীৰ সহস্ৰ শ্ৰদ্ধা।

মহামানৱ, জাতিৰ পিতা, যি নাম –উপসৰ্গৰে বিভূষিত নকৰক কিয় এজন ব্যক্তিয়ে মানস পটত জলজলকৈ ভাহি আহে, সেইজনেই  হ’ল মহাত্মা গান্ধী, সম্পূৰ্ণ নাম মোহন দাস কৰম চাদঁ গান্ধী। তেখেতে যি অহিংস বাণীৰে সমগ্ৰ  দেশক একত্ৰিত কৰিলে সেই বাণী আজি মানৱীয়তাবাদৰ সমকক্ষ বুলি ক’লেও ভূল কোৱা নহ’ব! এইজনা মহামানৱৰ সবল নেতৃত্বৰ  আমি স্বাধীন ভাৰতৰ মূখ দেখিলো। গান্ধীয়ে অহিংসা, প্ৰেম আৰু ভাতৃত্ববোধৰ বাণীৰে  সকলোৱে মন জয় কৰিছিল। বিশেষকৈ স্বদেশী বস্তু প্ৰচলনৰ প্ৰসংগ মনে প্ৰাণে সমৰ্থন কৰিছিল।

চৌপাশ তথা পাৰিপাশ্বিক অৱস্থা নিকা কৰি ৰখাটোত গুৰুত্ব প্ৰদান কৰিছিল। কথাতেই কয়-সুস্থ পৰিবেশতেহে সুস্থ মন, সুস্থ স্বাস্থ্যই বিৰাজ কৰে। গান্ধীৰো এনে এক মহান আদৰ্শ আছিল। গান্ধীৰ এনে আদৰ্শক বাস্তৱায়িত কৰিবলৈ বৰ্তমানে চৰকাৰে তথা বিভিন্ন পদক্ষেপ গ্ৰহণ  কৰা দেখা গৈছে। ই আমাৰ বাবে শুভ লক্ষণ ! 

গান্ধীৰ গ্ৰাম্য স্বৰাজৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত  হোৱা নাই যদিও এটা গতিত অগ্ৰসৰ হৈছে বুলি ক’ব পাৰি। মহামানৱ জনাই ৰাম ৰাজ্যৰ সপোন দেখিছিল। সত্যৰ পথত থাকি সৎ কামেৰে সমাজ খন আগুৱাই লৈ যাব যে পাৰি সেইকথা  জনসাধাৰণক বুজাবৰ কাৰণে যত্নপৰ হৈছিল। সমাজ, জাতিৰ প্ৰতি অযুত ভালপোৱা থকাৰ বাবে জাতিৰ পিতা উপাধিয়ে বিভূষিত কৰা হয়। এনে এজন মহান ব্যক্তিৰ জন্মদিনৰ বিশেষ ক্ষণত পুনৰবাৰ সেৱা জনাই কও-গান্ধী তুমি আকৌ আহা! অহিংসাৰ বাণীৰে আমাক একত্ৰিত কৰা…!

Comments (0)
Add Comment