চাহৰ ইতিহাসেৰে আজিৰ দিনটো

সমগ্ৰ বিশ্বতে অসম চাহৰ সমাদৰ আছে ।কিয়নো অসমৰ চাহত আছে সুকীয়া মাদকতা ।চাহৰ উৎপত্তিৰ স্থল প্ৰকৃততে অসম বুলি ক’লেও ভুল কোৱা নহ’ব।ইতিহাসৰ পাতত সন্নিৱিষ্ট থকা অনুসৰি চিংফৌসকলে প্ৰথমে চাহ উৎপাদন কৰিছিল ।অসমৰ চাহ বাগানৰ সেউজীয়াখিনিত আছে সুকীয়া সৌন্দৰ্য্য ।প্ৰকৃতিক ভাল পোৱা সকলে চাহ বাগানৰ সেউজীয়াৰ সৌন্দৰ্য্য উপভোগ কৰি আনন্দিত হয়, প্ৰশান্তি পায়।সুখৰ বিষয় যে অসমত ইতিমধ্যে চাহৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ।উদ্যমী সকলে চাহ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে উদ্ভাৱন হৈছে নতুন ধৰণৰ সোৱাদ সমৃদ্ধ চাহৰ।অসমৰ চাহ উদ্যোগত নকৈ সংযোজিত হোৱা পাৰপল টি আৰু ব্লুমিং টিয়ে  সোণালী অধ্যায়ৰ সূচনা কৰিছে।চাহ মানৱ দেহৰ কাৰণে এবিধ উপকাৰী পনীয়া হিচাপে বিবেচিত হৈছে।১৮৩৯ চনৰ আজিৰ দিনটোত পোনপ্ৰথমবাৰৰ অসমৰ চাহ লণ্ডনত নিলাম হৈছিল ।অসম চাহৰ সুকীয়া পৰিচয় সদায় অটুট থাকক।এই বিশেষ দিনটোত তাকে কামনা কৰিলো।

Comments (0)
Add Comment