জুতি লগাই খাব পৰা কেইবিধমান খাদ্য

বতৰ অনুসৰি বজাৰত নকৈ ওলোৱা পাচলি বোৰৰ জুতিলৈ খুবেই ভাল লাগে। তেনে কেইবিধমান ভাল লগা পাচলিৰ ৰেচেপি আজি nefocus.com ত আগবঢ়ালো। আগবঢ়ালে সুজাতা পাঠক বৰাই।

Popcorn Chicken


সৰু লৰা-ছোৱালীয়ে খাই ভালপোৱা এবিধ খাদ্য, যি ৰান্ধিবলৈ বেছি দেৰি নালাগে। মাংসৰ ব’নলেচ টুকুৰাবোৰ একদম সৰুকৈ কাটি ভিনেগাৰ নাইবা দৈ পানীত ভৰাই অলপ দেৰি থৈ দিব। তাৰপিছত আদা নহৰু পেষ্ট, ধনীয়া পাউদাৰ, জলকীয়া গুৰি, হালধী, নিমখ, কৰ্ণফ্লাৰ আৰু মেৰিগল্ড বিস্কুটৰ গুৰি নাইবা ব্ৰেদ ক্ৰাম্ব সানি গৰম তেলত ভাজিব । তাৰপিছত পৰিৱেশন কৰক।

 

মাটিমাহৰ ডাইলৰ খিচিৰি 

এবাটি মাটিমাহ তিয়াই লৈ ভালকৈ চাফা কৰি লৈ কুকাৰত এটা চিটি দিয়াই আধাসিজা কৰি ল’ব আৰু ভাতকেইটা চ’চপেনত সিজাই মাৰ কাঢ়ি ল’ব। এটা চ’চপেনত ৰিফাইণ্ড আৰু মিঠাতেল দি লং, দালচেনি, ইলাচি আৰু তেজপাত দি লগতে এটা পিয়াজ আৰু আদা দি ভাজি সিজোৱা ডাইল আৰু চাউলখিনি দি হালধী নিমখ দি ভালকৈ লৰাই অলপদেৰি ভাজি নমাই থব। আপোনালোকে নিজৰ ইচ্ছামতে কিবা পাচলি দিব পাৰে খাবলৈ বৰ সোৱাদ হয় এইবিধ খিচিৰী।

 

মাছৰ টেঙা আঞ্জা – মানিমুনি, কুমলীয়া চজিনা, আৰু  কনবিলাহীৰ সৈতে 

একেবাৰে সাধাৰণভাৱে তৈয়াৰ কৰা আঞ্জা এইখন।  কেৰাহীত নাম মাত্ৰ তেল দি মাছখিনি আধাভজা কৰি উঠাই থৈ সেইতেলতে দুফোটামান নহৰু দি চজিনাখিনি দি অলপ নিমখ আৰু হালধী দি দুইমিনিট ভাজি কনবিলাহী, মানিমুনি আদি দি অলপ পানীৰে উতলাই লৈ নমোৱাৰ আগত অলপ ধনীয়াপাত দি নমাই থব। Garnishing ৰ বাবে বিলাহী কেইটামান সামান্য তেলত  দি উঠাই সজাব পাৰে।

Comments (1)
Add Comment
  • Madhabi

    অসমীয়া খাদ}ৰ কথাই সুকীয়া,ভাল লাগিল এই বিধি শিকি