নৱবৰ্ষৰ প্ৰাক-মূৰ্হুত্বত কিছু অনুভৱ

এটা বছৰে বিদায় লোৱাৰ দিন সমাগত। সময়ৰ দুৱাৰ দলিত অপেক্ষা কৰিছে এটা আন এটা নৱবৰ্ষই। নৱবৰ্ষ মানে নতুন সন্ধানীৰ যাত্ৰা। পুৰণাক পাহৰি নতুনক আদৰাৰ এক ধাৰা। আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে ইংৰাজী নৱবৰ্ষৰ আদৰাৰ নামত বজাৰ সমূহত Greetings Card ৰে ভৰি পৰিছিল। এতিয়া সকলো অতীত হ’ল। প্ৰিয়জনৰ সুমধুৰ কথাৰে ভৰা মন্ত্ৰ মুগ্ধ কৰি কল্পনাৰ সাগৰত বিলীন হৈ পৰা সেই দিন সমূহ অতীত হ’ল। সচাঁকথা ক’বলৈ গ’লে তাহানিৰ দিন বিলাকেই সুকীয়া আছিল। প্ৰযুক্তিৰ ক্ষীপ্ৰ উন্নয়নৰ লগে লগে এই সকলো বোৰলৈ এক পৰিবৰ্ত্তন আহিল। ম’বাইল ফোনৰ মেছেজ আৰু ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে শুভেচ্ছাবাণী পঠিয়াব পৰা ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত Greetings Card এলাহী হৈ ৰ’ল। Greetings Card ত নিহিত হৈ থকা মৰম, ভালপোৱা, আৰ্শীবাদৰ লগত ম’বাইল মেছেজৰ তুলনা জানো আছে! নৱবৰ্ষৰ প্ৰাক-মূহুত্বত Greetings Card স্মৃতি বাৰুকৈয়ে মনলৈ আহিছে।

লেখক-

ৰাজ অসম লস্কৰ

লিগিৰীপুখুৰী, নাজিৰা

শিৱসাগৰ, অসম

Comments (3)
Add Comment
  • দ্বীপজ্যোতি বৈশ্য ।

    আপোনাৰ মনৰ ভাৱখিনি পঢ়ি খুবেই ভাল পালো । মনটো কিছু অজান সিহঁৰণত কপি উঠা যেন অনুভৱ হ’ল…।

  • প্ৰাঞ্জল প্ৰতিম বৰা

    প্ৰযুক্তিবিদ্যাৰ মায়াজালত পৰা একৈশ শতিকাৰ মানৱক হোৱাটছএপ, ফেচবুক মেছেঞ্জাৰ, মেছেজৰৰ দৰে বাৰ্তা মাধ্যমবোৰে যেন গ্ৰীটিংছ কাৰ্ডৰ প্ৰতি থকা আমাৰ পূৰ্বৰ হাবিয়াস, আকৰ্ষণবোৰক বিয়োগ কৰিলে ।।

  • Raj upadhayaya

    পৰিস্থিতিয়ে মানুহক বাধ্য কৰায় ।ইয়াৰ কাৰনে দুখ কৰি লাভ নাই ।