প্ৰেম দিৱসৰ কিছু অনুভৱ

বুজাব নোৱাৰো, তোমালৈ মোৰ

মৰম আছে বা কিমান,

দিৱও নোৱাৰো, নিদিওঁ কাহানিও

সচাঁ মৰমৰ প্ৰমাণ।

আবেগ, অভিমানে প্ৰেমৰ জয়গান গাব বিচৰাজনে আজি হয়তো এনে বহু কথাই কাৰোবাৰ আগত ক’ব। হয়তো একাংশৰ বাবে পাৰ্ক, ৰেষ্টুৰেণ্ট হৈ পৰিব ডেটিং মৰাৰ অন্যতম স্থল। কাৰণ আজি প্ৰেমৰ দিন। পশ্চিমীয়া সংস্কৃতিৰ বোকোচাত উঠি এই প্ৰেমৰদিন অৰ্থাৎ “ভেলেণ্টাইন ডে” আহি কেতিয়াবাই আমাৰ অসমভূমি পালেহি । সেয়েহে সমগ্ৰ দেশৰ লগতে অসমতো এই দিৱস উদযাপন হৈছে।

বিভেদ, হত্যা, হিংসা খামখেয়ালিৰে পৰিপূৰ্ণ সময়খিনি এনে দিৱসৰ উদযাপনৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। আপুনি নুই কৰিব নোৱাৰে, প্ৰেম অথবা ভালপোৱাক। কাৰণ প্ৰেমৰ বাবেই সমাজখন, ঘৰখন সুন্দৰ। এই প্ৰেম কেবল প্ৰেমিক- প্ৰেমিকাৰ মাজতে আবদ্ধ নহয়, এই প্ৰেম হ’ব পাৰে ভাতৃ প্ৰেম, ভগ্নী প্ৰেম, কিম্বা মা দেউতাৰ প্ৰতি থকা ভালপোৱা কিম্বা দেশ প্ৰেম।

ইতিহাসৰ যদি পাত লুটিয়াই চাও, তেনেহ’লে দেখা পাও সৃষ্টি আৰু ধবংসৰ মূলতে প্ৰেমেই আছিল। উদাহৰণস্বৰূপে আমাৰ অসমৰ সতী জয়মতীৰ কথা উল্লেখ কৰিব পাৰি। জয়মতীয়ে স্বামী গদাপাণিৰ প্ৰতি থকা অগাধ প্ৰেমৰ তাড়নাতে অথবা দেশ জাতি-প্ৰেমৰ তাড়নাতে ত্যাগৰ শক্তিয়ে মহিয়ান কৰি তুলিছিল। যাৰ বাবে পৰৱৰ্ত্তী সময়ত গদাপানীয়ে ৰাজপাটত উঠিবলৈ সক্ষম হৈছিল।

আনহাতে প্ৰেমৰ সৌধ বুলিলে ছাহজাহানে মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা তাজমহলৰ প্ৰসংগৰ কথা মনলৈ আহে। পূৰ্বেই উল্লেখ কৰিছো যে প্ৰেমে ঘৰ বা সমাজ খন সুন্দৰ কৰে। প্ৰেমৰ বাবেই সৃষ্টি হৈছে গান, কবিতা অথবা কোনো সৃষ্টিশীল কাম। প্ৰেম প্ৰেমেই। ই শাশ্বত, চিৰপ্ৰৱাহ মান। ঠিক বোৱতি নদীৰ দৰে….। আজিৰ এই বিশেষ দিনটো সকলোকে জনাইছো প্ৰেম দিৱসৰ অফুৰন্ত শুভেচ্ছা। 

Comments (2)
Add Comment
  • Bikky rakib

    N e focusলৈ অশেষ ধন্যবাদ৷

  • rupjyoti

    সুন্দৰ অনুভৃতি।।।।।