ফাগুনৰ অনুভৱ

ফাগুন মানেই ধূলি, ধূলি মানে শুকান, শুকানেই নে আন কিবা! ফাগুনত পলাশ ফুলে, ফুলে মদাৰো। পিছে সুবাস বিহীন বাবেই নেকি নলগায় পুজা কামত অথবা কোনো প্ৰিয়তমাৰ খোপাত। সুবাস বিহীন হ’লেও মদাৰ, পলাশে দিয়ে ফাকুৱাৰ আগজাননীৰ। কাৰণ ৰঙৰ মাজতেই আপুনি আমি সীমাবদ্ধ। আচলতে ৰঙে আশা কঢ়িয়াই, যিদৰে ৰঙা ৰঙে বিশ্বাস, নীলাই সৌম্য আৰু বগাই শান্তিৰ প্ৰতীকক প্ৰতিষ্ঠা কৰে। ঠিক সেইদৰে ৰঙৰ মাজত বিলীন হৈ সকলোৰে আশা হেপাহেৰে জীৱনটোক সজাব বিচাৰে।

ফাগুন মানে উন্মদনা নেকি? যিদৰে নদীৰ ঢৌৱে ঢৌ খেলি এক মৃদু কোলাহলৰ সৃষ্টি কৰে, ঠিক সেইদৰে কোনো বিৰহত সিক্ত প্ৰেমিক তথা প্ৰেমিকাই প্ৰেমৰ কাতৰ হৈ পৰে এনে বতৰত? আপোনাক সুধিছো ফাগুন মানে কি? ফাগুনৰ সংঞ্জা কি? ফাগুনে কিয় ৰং আনে?

কেতিয়াবা এনে লাগে ফাগুনৰ পছোৱাই সকলো দুখ কাতৰ উৰুৱাই লৈ যাব। দি যাব কিছু মধুৰ স্মৃতিৰ সুবাস। পিছে এই বতৰত বহু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সম্ভৱনা হোৱা কথা নুই কৰিব নোৱাৰি। যিয়েই নহওক ফাগুন ফাগুনেই, ই এটা কেৱল মাহেই নহয়, সপোন জিপালৰ এক ক্ষণ।

প্ৰিয় পাঠক আজিৰ অনুভৱত ফাগুনৰ কিছু অনুভূতি আপোনাৰ লগত চিয়েৰ কৰিলো। কেনে পালে জনাবলৈ নাপাহৰিব। আমালৈ আপোনাৰ অনুভৱ জনাই লিখিব পাৰে আমাৰ ই মেইল- nefocus5@gmail.com

Comments (1)
Add Comment
  • kaushik das

    সচাকৈয়ে আজিৰ দিনত আৰু বাৰীৰ পিছফালে থকা সেই শিমলু বা মদাৰ জুপিৰ সুবাহবিহীন ৰঙীন ফুলবোৰক সংগী দিবলৈ যেন কাৰো সময় নাই কিন্তু সেয়াই যে ফাগুনৰ আগজাননী বা ৰঙৰ উৎসৱ ফাকুৱাৰ আগজাননী সেয়া হয়তো সকলোৱে নাজানে বা অনুভৱ নকৰে।