বিহু শুভেচ্ছাৰে

আজি মাঘ বিহু। এই বিহুৰ লগত আনন্দ, উল্লাহ, ভোগ জৰিত হৈ আছে। আজিৰ দিনটোত সূৰ্য্য উদয় হোৱা আগে আগে অথবা কাউৰীয়ে কা নকৰাৰ আগে মেজি জ্বলায়। কেঁচা বাহৰ হিলৈ শব্দই চাৰিওফালে মূখৰিত উঠে। জ্যেষ্ঠজনক কনিষ্ঠজনে শ্ৰদ্ধা জনাই সেৱা কৰে। ইঘৰে সিঘৰলৈ গৈ বিহু জলপান খাই মাঘ বিহু পালন কৰে। ঠায়ে ঠায়ে পৰম্পৰাগত ম’হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ আদিবোৰ অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বুলবুলি চৰাইৰ যুঁজ আৰু আহতগুৰিৰ ম’হ যুঁজ ঠাই বিশেষে অনুষ্ঠিত হয়।
অতীজৰে পৰা পালন কৰি অহা মাঘ বিহুত বৰ্তমান আধুনিকতাৰ পৰশ পৰিছে, যদিও ই আমাৰ জাতিটোৰ মানসিক উৎকৰ্ষ  সাধনৰহে পৰিচয় দাঙি ধৰে। শেষত সমূহ অসমীয়া ৰাইজক ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। মেজিৰ পবিত্ৰ জুঁইৱে সকলোৰে জীৱনটো ৰঙীণ কৰি তোলক তাৰে কামনা কৰিলো।
Comments (0)
Add Comment