শাৰদীয় দূৰ্গোৎসৱৰ ওলগৰে

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতানমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈনমো নমঃ !!”

অৱতাৰী পুৰুষ ভগৱান শ্ৰীৰামচন্দ্ৰই দশানন ৰাৱণ বধৰ বাবে অকালবোধনৰ দ্বাৰা আদ্যাশক্তিক আৱাহন কৰাৰ দিনৰে পৰা চলি আহিছে দূৰ্গা পূজা । ভগৱান শ্ৰীৰামচন্দ্ৰই সমাজৰ পৰা ৰাৱণৰূপী অপশক্তি নাশ কৰিবলৈ সহায় লৈছিল দূৰ্গতিনাশিনীৰ । 

শৰতৰ বতৰ মানেই যেন কঁহুৱা ফুলৰ সৌন্দৰ্য, আকাশত বিৰহী যক্ষৰ বতৰা লৈ শ্বেতবৰণৰ মেঘৰ অহা-যোৱা । শৰত মানেই যেন বেলুন, এসোপা জেলেপি, আৰু অলেখ আনন্দৰ সমাহাৰ । শৰতে যেন ধুই নিয়ে মানুহৰ মনৰ ভিতৰৰ অসূয়া অপ্ৰীতি l

আমি Nefocus.com পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ জনাইছো শাৰদীয় দূৰ্গোৎসৱৰ হিয়াভৰা ওলগ । আজিৰ এই বিশেষ শিতানটো আমি সজাইছো পূজাৰ  বিভিন্ন ফটোৰে ।

 

Comments (0)
Add Comment