সংকটৰ সংকেত উন্মোচন

সংকটৰ সংকেত উন্মোচন

সম্প্ৰতি সময়ত অসম আৰু অসমীয়াৰ সমাজব্যৱস্থাক প্ৰভাৱ বিস্তাৰ কৰিব পৰা এখন গ্ৰন্থ “সংকটৰ সংকেত”। চিন্তাশীল লেখক শিৱনাথ বৰ্মনৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন উন্মোচিত হয় কালি গুৱাহাটী প্ৰেছ ক্লাৱত। সংকটৰ সংকেত গ্ৰন্থখন সন্দৰ্ভত লেখক শিৱনাথ বৰ্মনে NEFOCUS.COM ৰ আগত এনেদৰে ব্যক্ত কৰে- আমাৰ সমাজ ব্যৱস্থা বিপদৰ দিশে ধাৱমান। হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ বিষয়ে গ্ৰন্থখনত প্ৰবন্ধ হিচাপে সন্নিবিষ্ট কৰা হৈছে। উল্লেখযোগ্য যে উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সাংবাদিক হাইদৰ হুছেইনে মন্তব্য কৰে যে ৰাজনীতি স্বাৰ্থই আমাৰ মাজত বিভাজন আনিছে। সেয়েহে জাতিটো ৰক্ষা বাবে ঐক্যবদ্ধ এখন যুঁজৰ প্ৰয়োজনীয়তা আছে। আনহাতে এই অনুষ্ঠানত সাংবাদিক অদীপ কুমাৰ ফুকনে তথ্য সহকাৰে ভাষিক, ধৰ্মীয় তুলনা আগবঢ়ায়। বৰ্ত্তমান সময়ত এই গ্ৰন্থখনে পঢুৱৈ সমাজৰ পৰা বিপুল সহাঁৰি লাভ কৰিব বুলি শুভাকংক্ষী সকলে আশা প্ৰকাশ কৰিছে।

IMG-20161229-WA0008
শিৱনাথ বৰ্মন

IMG-20161229-WA0007

IMG-20161229-WA0006

Comments (0)
Add Comment