সামৰণি পৰিল উত্তৰ পূৱ গ্ৰন্থমেলা

১৮ সংখ্যক উত্তৰ পূব গ্ৰন্থ মেলা আজি সামৰণি পৰিল। উল্লেখযোগ্য যে এই গ্ৰন্থমেলাখন যোৱা ৩ নবেম্বৰ পৰা অনুষ্ঠিত হৈছিল। ইয়াৰ লগে লগে গ্ৰন্থ মেলা প্ৰেমী সকলৰ উচাহৰ ঢল স্লান পৰিব। সততে শুনা যায় যে গ্ৰন্থৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে। কিন্তু গ্ৰন্থমেলাত কটোৱা সময়খিনিত এনে কথাৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হ’ল। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিভিন্ন উন্মোচনী সভা, আলোচনা চক্ৰ আদিবোৰ অনুষ্ঠিত হয়। স্মতৰ্ব্য যে এইবাৰ গ্ৰন্থ মেলাত আধিক সমাদৃত হৈছে পংকজ পাঠকৰ বনঔষধি আৰু প্ৰাকৃতিক চিকিৎসাৰে ৰোগ নিৰাময় শীৰ্ষক গ্ৰন্থখন । NE FOCUS ৰ ফালৰ পৰা হোৱা প্ৰতিশ্ৰুতি প্ৰকাশনৰ লগত হোৱা কথোপথনত আবিনাশ শৰ্মাই এনেদৰে জানিবলৈ দিয়ে – আমাৰ প্ৰকাশনৰ “ৰঙা নদীৰ ঢৌ” শীৰ্ষক কিতাপখন (কাবেৰী কছাৰী ৰাজকোৱৰৰ) আন হাতে হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ “অন্য এক দৃষ্টিকোণে” খুৱেই জনপ্ৰিয়তা লাভ কৰিছে।

উল্লেখযোগ্য যে প্ৰায় ৭০ খন প্ৰকাশনে গ্ৰন্থমেলাখনত অংশগ্ৰহণ কৰিছিল। গ্ৰন্থপ্ৰেমী উৎসাহে প্ৰকাশক আনন্দিত কৰা দেখা গ’ল।

Comments (0)
Add Comment