সম্প্ৰতি সময়ত চৰ্চিত হৈ থকা অন্যতম প্ৰসংগ হ’ল ব্ৰহ্মপুত্ৰ খনন। ব্ৰহ্মপুত্ৰ খননৰ প্ৰয়োজনীয়তা কিমান? ইয়াৰ জৰিয়তে ভয়াবহ বানপানীৰ সমস্যা ৰোধ কৰিব পাৰিনে? অথবা কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ কৰিবলৈ আমি কিদৰে সচেষ্ট হ’ব লাগিব। এই সম্পৰ্কে প্ৰকাশ কৰিছে প্ৰাক্তন অধ্যাপক প্ৰণৱ চলিহাৰ গ্ৰন্থ “Challenges Creating Turning Point Opportunities Of Guwahati City” আৰু “An Exemplary Study of River Technology on Global Context Contemplating Indian Rivers Specially Brahmaputra” শীৰ্ষক নামৰ গ্ৰন্থ দুখনত। আজি গুৱাহাটী প্ৰেছ ক্লাবত এই গ্ৰন্থ দুখন আনুষ্ঠানিক ভাৱে মুকলি হয়। দীৰ্ঘদিন অধ্যাপনাৰ লগত জৰিত থকা চলিহাই এই গৱেষণা মূলক গ্ৰন্থ দুখনৰ সম্পৰ্কে এনেদৰে ব্যক্ত কৰে- ব্ৰহ্মপুত্ৰ খনন কৰাৰ পূৰ্বে বিশেষকৈ নদীদ্বীপ মাজুলীক সুৰক্ষিত ভাবে পাৰ বন্ধাব লাগিব।
অন্যথা হয়তো ই অশনি সংকেত বহন কৰিব পাৰে। আনহাতে মহানগৰীৰ হোৱা কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ হ’লে নলা নিৰ্মাণৰ পদ্ধতিবোৰ সুব্যৱস্থা সম্পন্ন কৰি তুলিব লাগিব। চলিহাৰ কয় যে নদী এটা নিজস্ব গতি থাকে। ব্ৰহ্মপুত্ৰৰো সাপৰ চলাচলৰ গতিৰ সদৃশ এটা গতি আছে। গতিকে নদী খননৰ সম্পৰ্কে যুক্তি দাঙি ধৰাটো এককথাত অসম্ভৱ।
উল্লেখযোগ্য যে এই গৱেষণা মুলক দুখন গ্ৰন্থ লৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰ চাপিব বুলিও মন্তব্য কৰে। আশা কৰা হৈছে এটা সুস্থ সিদ্ধান্ত উপনীত হোৱাত গ্ৰন্থ দুখন সহায়ক হ’ব।