সুধাকণ্ঠক সুঁৱৰি

সুধাকণ্ঠক সুঁৱৰি

PicsArt_09-08-08.53.24

অসম আৰু অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ সংগীত সূৰ্য্য ডo ভূপেন হাজৰিকাৰ আজি জন্ম দিন। তেখেতৰ ওপজা দিনৰ শুভ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছো। মানুহৰ বাবে গান গোৱা, জাতিৰ বাবে গান গোৱা, মাটিৰ বাবে গান গোৱা এই শিল্পীজন সদায়ে আমাৰ মাজত অমৰ হৈ থাকিব। অমৰ হৈ থাকিব তেখেতৰ গান গানবোৰ, তেখেতৰ দাৰ্শনিক চিন্তা ধাৰাৰ অমূল্য ফচলবোৰ। আজি পুনৰ বাৰ শিল্পীজন এই উভতি অহাৰ দিনৰ কথা প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ আজি মানুহৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে একটিত কৰা অথবা সংগঠিত কৰিব পৰা মানুহৰ অভাৱ ঘটিছে। অভাৱ ঘটিছে অসহিষ্ঞুতাৰে ভৰা সমাজ ব্যৱস্থাক গানৰ জৰিয়তে বান্ধিব পৰা শিল্পীৰ। 

artworks-000013742479-1fm5eo-t500x500

বৰ্ত্তমান পৰিস্থিতিৰ বাবে বহুসময়ত শংকিত হৈ উঠো। আজি বিশ্বদৰবাত সাৱলীল ভাৱে অসম আৰু অসমীয়াক প্ৰতিষ্ঠা কৰাৰ মানুহৰ অভাৱ। “হে সুধাকণ্ঠ, তুমি আহা আকৌ এবাৰ, জনতাৰ কণ্ঠ আশাৰে জীপাল কৰি তোলা। কৰি তোলা সকলোকে মুক্ত মনৰ। 

Comments (1)
Add Comment
  • Jyotish

    Hundor hoise