স্বাস্থ্যসন্মত ৰেচিপি

সদায় একেধৰণে বনোৱা খাদ্য খাই জানো ভাল লাগে? আজি NEFOCUS ত প্ৰকাশ কৰা হৈছে আমি দেখি থকা খাদ্যৰে প্ৰস্তুত কৰা ন খাদ্যৰ কেইবিধ মান ৰেচেপি। আগবঢ়ালে মিতালী কলিতাই।

কনী  চালাড (Egg Salad)

Egg Salad হ’ল স্বাস্থ্যসন্মত এবিধ খাদ্য । এই চালাদ প্ৰস্তুত কৰিবলৈ ১০ মিনিট মান সময়ৰ আৱশ্যক হয়। উপকৰণ হ’ল এনেধৰণৰ- কনী, আলু, পিয়াজ, বন্ধাকবিৰ কুমলীয়া পাত, তেতেলীৰ সাহ, অলিভ অইল, বিলাহীৰ চচ্, নিমখ, মিহিকৈ কটা কেচা জলকীয়া।

পদ্ধতি- প্ৰথমে কনী আৰু আলুখিনি সিজাই ল’ব। তাৰ পিছত এটা বাতিত অলিভ অইল, বিলাহীৰ চচ্, তেতেলীৰ সাহ,  নিমখ, কেচা জলকীয়া কাটি Mix  কৰি ল’ব। তাৰ লিছত বন্ধাকবিৰ পাতৰ ওপৰত সিজোৱা কণী কেইটা কাটি, পিয়াজটো ৰিং কে কাটি ওপৰত বিভিন্ন চচে সজাব ।

 

শাকৰ সৈতে মূৰ্গীৰ মাংস (Chicken With Herbs)

 

উপকৰণ বুলিবলৈ বিশেষ একো নাই। প্ৰথমে মাংসখিনি ধুই নিমখ, হালধি সানি কেৰাহিত গৰম কৈ ভাজিব মধ্যমীয়া জুইত, তাৰ পিছত আদা, নহৰু দি ঢাকন মাৰিব। অলপ সময়ৰ পিছত বিভিন্ন শাকৰ পাত দিব (যেনে লাই, ধনীয়া, নৰসিংহ) পাৰে। ডাঙৰ ডাঙৰ কৈ কটা পাত দি ঢাকন মাৰি দিব। কোনো পানী নিদিয়াকৈ সিজি উঠিব মাংসখিনি । আৰু গৰম ভাতৰ লগত পৰিবেশন কৰিব।

  ৰেইন’ বো ৰাইচ (Rainbow Rice)

সাধাৰণতে এনে ধৰণৰ ৰাইচ, সৰু লৰা ছোৱালীৰ খুবেই পছন্দৰ। কিয়নো Rainbow Rice খুবেই সুস্বাদুৰ লগতে কালাৰফুলও। Rainbow Rice ৰ বাবে লাগতিয়াল সামগ্ৰী সমূহ হ’ল- জাহ বা বাচমতি ৰাইচ, বীটৰ ৰস, গাজৰৰ ৰস, পালেং শাকৰ ৰস, Edible food colour (ফুড কালাৰ) আৰু যিকোনো  Mix Fruits Juice, নিমখ, ৰিফাইন তেল।

পদ্ধতি:- প্ৰথমে চাউল খিনি ধুই সিজিব দিব। সিজি ভাত হোৱাৰ পিছত বাতি এটাত টুকি  Mix Juice ত প্ৰায় এঘন্টা তিয়াই থ’ব। তাৰ পিছত অলপ ৰিফাইন তেলত ফ্ৰাই কৰি কিছু সময় থকাৰ পিছত তিনিভাগ কৰি পালেং শাকৰ ৰস, বীটৰ ৰস আৰু গাজৰৰ ৰস দিব সোৱাদ অনুসৰি নিমখ দি মিলাই দিব আৰু লগতে Food colour দিব।

মিতালী কলিতা
Comments (0)
Add Comment