সম্পাদনাৰ মেজৰ পৰা

নৱবৰ্ষৰ  বাবে পোনপ্ৰথমে আপোনাক জনাইছো আন্তৰিক শুভেচ্ছা। নৱবৰ্ষই সকলোলৈকে কঢ়িয়াই আনে যেন আশা, আনন্দ আৰু সাফল্যৰ বতৰা। বিগত বৰ্ষটোত বহুতো ইতিবাচক খবৰে আমাক আনন্দিত কৰি তুলিলে। এইবছৰটোও আমাৰ সকলোৰে আশা নেতিবাচক খবৰ, কমি ইতিবাচক তথা গঠনমুলক খবৰে ভৰি পৰক। নতুন বছৰটোত নতুন উদ্যমেৰে, নতুন প্ৰতিশ্ৰুতিৰে আমি আগবাঢ়ি যাম। বিশেষকৈ সাহিত্য, সংস্কৃতি, শিক্ষাৰ ক্ষেত্ৰত জড়িত সকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিম। যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত সিচৰতি হৈ থকা প্ৰতিভা সমূহ সঠিক ৰূপে মূল্যায়ন হয়। আপোনাৰ মৰম, সহায় সহযোগিতাই আমাৰ প্ৰেৰণাৰ একমাত্ৰ উৎস। আগন্তুক দিনবোৰত আপোনাৰ সহায় সহযোগিতা কামনা কৰিলো। প্ৰিয় পাঠক, আজি এই বিশেষ ক্ষণটোত আমিও আপোনাক প্ৰতিশ্ৰুতি দিলো ,ইতিবাচক খবৰ আৰু সত্যৰ সন্ধানত আমাৰ যাত্ৰা অব্যাহত ৰাখিম। মাথো হৈ ৰওক www.nefocus.com ৰ সংগী। পুনৰ আপোনাক জনালো নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা ।

ধন্যবাদেৰে

সংগীতা শইকীয়া

Comments (6)
Add Comment
  • Polash Jyoti borah

    Pohi bhal lagise.natun bosortut aru adhik monograhi hobo buli asha korilu.

  • Pranjal saikia

    নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। ইতিবাচক খবৰৰে nefocusৰ জয়যাত্ৰা অব্যাহত থাকক তাৰেই কামনা কৰিলো।
    প্ৰাঞ্জল শইকীয়া
    দুলীয়জান

  • Bandana Gogoi

    Long live Nefocus .. !! I wish it may complete hundreds of successful years..

  • Natyabir

    নতুন বছৰত কিবা এটা নতুন সৃষ্টি ৰ কামনাৰে আটাইলৈ শুভেচ্ছা যাছিলো

  • Rupjyoti Saikia Gogoi

    It is great that nefocus.com focusing those entrepreneurs and personalities who have their contribution to the people and nature but none supports in any way.thanks to nefocus team.

  • Udit Phukan

    নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো