বিহুৰ সময়। পিঠা- পানা খোৱা অথবা বনোৱা বতৰ। ইতিম ধ্যে, বিহুৰ প্ৰস্তুতি গাওঁ চহৰত তুংগত উঠিছে। চহৰত বিশেষকৈ বিপনী বিলাকত পিঠা, জা-জলপান উপলব্ধ হোৱা দেখা গৈছে। এনে সন্ধিক্ষণতে আজি NE Focus.com ত প্ৰকাশ কৰা কৰিছো,কেইবিধমান অতি সহজতে বনাব পৰা পিঠা। আগবঢ়ালে সুজাতা পাঠক বৰাই।
জলপান খীৰত দুবুৱা মুঠি পিঠা
মুঠি পিঠাৰ বাবে পিঠাগুৰি, নাৰিকল আৰু এচিকুট নিমখ, কুহুমীয়া পানীৰে মঠি লৈ হাতেৰে আকাৰ দি ল’ৱ। গাখীৰ, ইলাচি, চেনি দি উতলাই ডাঠ কৰি লৈ খীৰৰ দৰে কৰি পিঠা কেইটা উতলাই পিঠা সিজি ওপঙি উঠাত নমাই থ’ব।
পিঠাগুৰীৰে নিমখীয়াকৈ ভজা পিঠা
পিঠাগুৰি, পিয়াজ, ৰুকি লোৱা গাজৰ, পিয়াজপাত, ধনীয়া পাত আৰু আদা সোৱাদ অনুসৰি নিমখ আৰু অকণমান খোৱা চ’দা দি কুহুমীয়া পানীৰে মঠি হাতেৰে আকাৰ দি তেলত ভাজিব।
ভাপত দিয়া পিঠা
(যিটো টেকেলী মুখত দিয়া হয়) ভাপত দিবৰ বাবে পিঠাগুৰি, নাৰিকল আৰু এচিকুট নিমখ কুহুমীয়া পানীৰে অলপ পাতলকৈ গুলি, ইদলি ষ্টেণ্ডত দি মাইক্ৰৱেভত তিনি মিনিট সময় মাইক্ৰমোদত দি নমাই থলেই হ’ল । ( চেনি বা গুৰ দিব পাৰে )
বিহুৰ বিশেষ পঠা পঢ়ি ভাল লাগিল। অসমীয়া অাৰু বহুত পিঠা অাছে। ভবিষ্যতে এই সমুহ পিঠাৰ বিষয়েও অৱগত কৰিলে পাঠক সকলে অধিক জানিব পাৰিব বুলি অাশা কৰিলো।
ৰাতুল বৰা।
দেৰগাঁও।
বিহুৰ বিশেষ পিঠা পঢ়ি ভাল লাগিল। অসমীয়া অাৰু বহুত পিঠা অাছে। ভবিষ্যতে এই সমুহ পিঠাৰ বিষয়েও অৱগত কৰিলে পাঠক সকলে অধিক জানিব পাৰিব বুলি অাশা কৰিলো।
ৰাতুল বৰা।
দেৰগাঁও।