আজি সোমবাৰ। আজিৰে পৰা আৰম্ভ হ’ল কৰ্ম ব্যস্ততাৰে ভৰা জীৱনৰ এক যাত্ৰা ।কাৰণ প্ৰায় সংখ্যক কৰ্মচাৰীৰে বিহুৰ চুটি শেষ হ’ল। সেয়েহে দেখা গ’ল ৰেল ষ্টেচন বাছ ষ্টেণ্ডত ভিৰ।
বিহুত যিসকলে কৰ্তব্যৰ তাগিদাত আপোন ঘৰখনলৈ যাব নোৱাৰিলে সেইসকলৰ ভিতৰত আৰক্ষী আৰু সাংবাদিক সকল অন্যতম। এইবোৰ বিভাগত কৰ্মৰত সকলে অতীন্দ্ৰ পহৰীৰ দৰে সমাজলৈ সেৱা আগবঢ়ায় আহিছে। সেয়েহে তেখেত সকল চিৰনমস্য। এইখিনিতে এটা কথা উল্লেখযোগ্য যে বহুতে কয় যে অসমীয়া লোকসকল এলেহুৱা নিস্কৰ্ম। কিন্তু কামৰ তাগিদাতেই হওক অথবা কৰ্তব্যৰ তাড়নাতেই হওক আজিৰ দিনটোত বহুতেই তৰানৰা চিঙি কৰ্মস্থলীত যোগদান কৰা দেখা গ’ল।
দ্বিতীয়তে বিহুত যেতিয়া আমি আপোন গাওখনলৈ গৈছিলো, তাত দেখা পাইছিলো কণ কণ শিশুৰ মুখত পুৰণিসুৰীয়া বিহুনাম আৰু হুঁচৰি আনহাতে নগৰাঞ্চলত সেই একে বয়সৰ শিশু মুখত শুনা গ’ল মঞ্চৰ বিহুগীত। প্ৰসংগক্ৰমে এই কথা জনাই ভাল লাগে যে আজিও গাঁৱত প্ৰচলিত আছে পহিলা ব’হাগৰ দিনা বোকা খেলি, নদীত গা ধুৱলৈ যোৱাৰ পৰম্পৰা অথবা গৃহস্থক জোৰাই বিহুনাম গোৱাৰ পৰম্পৰা।
এনেদৰে দৃশ্য দেখি মনটো অজানিতে ভাল লাগি উঠিল। সকলোকে জনাবৰ মন গ’ল যে এচামে এতিয়াও আমাৰ শিপাক পাহৰা নাই, আমাৰ সংস্কৃতিক পাহৰা নাই। যিসময়ত বিহুৱে কেৱল বিৰ্তকক স্থান পাইছে সেইসময়ত এনে বোৰ খবৰে আপোনাক আমাক হিয়াখন উঠলাই তোলে নহয়নে? সেয়েহে ইতিবাচক অনুভৱত এই খবৰে স্থান লাভ কৰিলে। যদি আপোনাৰ এই পোষ্টটো ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এনে ভাল লগা খবৰৰ সম্ভাৰৰ লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল।