চিলি,চুইডেনত উজলিল ৰাজেন দাস পৰিচালিত “লাইফ ইন্‌ এ পাপেট “

অসমৰ থলুৱা লোককলা পুতলা নাচ আধাৰিত তথা ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেটয়ে পুনৰ বিদেশৰ ভূমিৰ পৰা অসমবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা৷ দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক ভাৱে চহকী ৰাষ্ট্ৰ চিলি আৰু ইউৰোপ তথা বিশ্বৰ চলচ্চিত্ৰ জগতলৈ অনবদ্য বৰঙনি আগবঢ়োৱা ৰাষ্ট্ৰ চুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচ ভিত্তিক চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”৷দুয়োখন চলচ্চিত্ৰ সমাৰোহতে বিশ্বৰ নামী দামী আৰু বিগ বাজেটৰ চলচ্চিত্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন এ পাপেটয়ে লাভ কৰা সাফল্য অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক যোগাত্মক খবৰ হিচাপে চিহ্নিত হৈছে৷

Comments (0)
Add Comment