পেপাৰ ক্ৰাফটে অন্য এক জগতৰ সন্ধান দিছে

পেলনীয়া বস্তুৰে বিভিন্ন ধৰণৰ সা সামগ্ৰী তৈয়াৰ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে তেজপুৰ থেলামৰাৰ এজন যুৱকে ।যীশু জ্যোতি হাজৰিকা নামৰ যুৱকজনে কাগজৰে ৱাল হেংগিং,ফুল, জীৱ জন্তু,ছাতি,অসমীয়া সংস্কৃতিৰ লগত জৰিত সামগ্ৰী যেনে শৰাই, জাপি, ঢোল, খোল আদিবোৰ প্ৰস্তুত কৰিছে।পেছাত টেট শিক্ষক যীচুৱে কাগজৰে বিভিন্ন ধৰণৰ পুতলা তৈয়াৰ কৰিছে।এই সম্পৰ্কে তেওঁ এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে মন্তব্য কৰে-মই হাইদৰাবাদত পুতলা তৈয়াৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।বাকীবোৰ সা সামগ্ৰী ইয়ু টিউৱৰ ভি ডি অ’ চাই শিকিছো।উল্লেখযোগ্য যে তেওঁ প্ৰস্তুত কৰা প্ৰতিবিধ সা সামগ্ৰী দেখাত খুবেই সুন্দৰ আৰু সৰু ল’ৰা ছোৱালীয়ে সহজে বোধগম্য হোৱা।ইতিমধ্যে বিভিন্ন স্কুলত ৰিপৰ্টৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিয়ে ।ভৱিষ্যতে ক্ৰাফটৰ জৰিয়তে বিশ্ব ৰেকৰ্ড গঢ়াৰ আশা পুঁহি ৰাখিছে।

Comments (0)
Add Comment