ফল ফুলৰ ব্যৱসায়েও স্বাৱলম্বী হ’ব পাৰি

ফুলৰ নাৰ্চাৰীৰ ব্যৱসায়ৰ দ্বাৰাও স্বাৱলম্বী হ’ব পাৰি, এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে ক্ষেত্ৰীৰ দুজন যুৱকে। অভিজিৎ ডেকা আৰু ধ্ৰুৱজ্যোতি বৈশ্য নামৰ দুজন যুৱকে নাৰ্চাৰী ব্যৱসায়ে স্বাৱলম্বী হোৱাৰ লগতে পুস্প প্ৰেমীসকলৰ মনত খোৰাক যোগাবলৈ সক্ষম হৈছে। বিভিন্ন মেলাত গণপতি নাৰ্চাৰীৰ স্থিতি তথা চাহিদা দেখা পাই আমি কথা পাতিছিলো নাৰ্চাৰীখন প্ৰতিষ্ঠাতা অভিজিৎ ডেকাৰ সৈতে তেখেতৰ পৰা জানিব বিচাৰিছিলো কিদৰে গণপতি নাৰ্চাৰী গঠন হৈছিল, তেখেতে এইদৰে কয়- আচলতে মই সৰুৰে পৰা খেতিয়কৰ পৰিয়ালত ডাঙৰ হৈছো। বৰ্তাৰ সহায়-সহযোগত  গণপতি নাৰ্চাৰী গঠন কৰিবলৈ সক্ষম হ’লো। অৱশ্যে ইয়াৰ বাবে বিভিন্ন জনে সহাঁৰি আগবঢ়াইছিল।

বজাৰত যিহেতু প্ৰতিদন্ধী নাছিল, সেয়েহে আগবাঢ়ি যাবলৈ সক্ষম হৈছিলো। উল্লেখ্যযোগ্য যে, নাৰ্চাৰীখনৰ লগত ধ্ৰুৱজ্যোতি বৈশ্য ও জৰিত হৈ আছে। ধ্ৰুৱজ্যোতি বৈশ্যই নাৰ্চাৰীখনৰ সম্পৰ্কে এইদৰে কয়, আমাৰ নাৰ্চাৰীখনত ১০০০ ৰো অধিক ফুল, ফল আছে। নকৈ আমি “অৰ্গেনিক হাব” ক্ষেত্ৰীতেই পৰীক্ষণ মূলকভাবে আৰম্ভ কৰিছো। গ্ৰাহকৰপৰা খুব ভালধৰণে সহাঁৰি পাইছো। অনাগত দিনতো বহুতো পৰিকল্পনা ৰাখিছো যাতে গ্ৰাহকক ফল, ফুল, পাচলিৰ চাহিদা অনুযায়ী যোগান ধৰিব পাৰো। উদ্যমী যুৱক দুজন নিজৰ কৰ্মক্ষেত্ৰৰে শতযোজন আগুৱাই যাওক, তাকে কামনা কৰিলো।

Comments (0)
Add Comment