ঊষাৰ নগৰী তেজপুৰ: এক অপূৰ্ব সৌন্দৰ্যৰ সাক্ষী

“ৰূপহ কোঁৱৰৰ চুমাৰ পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়।”

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই গীতফাকি শুনিলে মনতো উৰা মাৰে ঊষা-অনিৰুদ্ধৰ কথালৈ। ঊষা-অনিৰুদ্ধৰ প্ৰেমৰ গাঁথাৰ সাক্ষী তথা স্মৃতি বিজড়িত ঠাইৰ আজিও অৱস্থিতি আছে অসমত।  আজি মই আপোনালোকক লৈ যাব বিচাৰো ঊষাৰ নগৰী “তেজপুৰ” লৈ। প্ৰকৃতিৰ বিনন্দীয়া অৱদানেৰে ভৰপূৰ এই তেজপুৰ। তেজপুৰৰ বিশাল দুবাহুৱে সাৱটি আছে মহাবাহু ব্ৰক্ষ্মপুত্ৰ, পাহাৰ আৰু সেউজীয়া গছ-গছ্নিৰ দলিচা। তেজপুৰৰ গহপুৰ, বলিপাৰা আৰু জামুগুৰিৰ পৰা আনন্দ ল’ব পাৰি হিমালয়ৰ পৰ্বত ৰাশি। তেজপুৰৰ মুখ্য আকৰ্ষণ, মহাভাৰতৰ এক বিখ্যাত শতিকাৰ সাক্ষী-অগ্নিগড়, এই অগ্নিগড়ৰ পৰাই ব্ৰক্ষ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰি। অগ্নিগড়ত খোদিত আছে ঊষা-অনিৰুদ্ধৰ প্ৰাচীন প্ৰেমৰ গাথাৰ প্ৰতীক। ইয়াত পদাৰ্পণ কৰিলে আপোনালোকে দেখিবলৈ পাব বিভিন্ন মনোমোহা শিল্পকলা সমূহ, ঊষা-অনিৰুদ্ধৰ স্মৃতি সমূহ, মহাদেৱৰ এক সুন্দৰ শিল্পৰাজী, বিখ্যাত হৰি-হৰৰ যুদ্ধ ।

পৰ্যটকৰ বাবে আন এক মনোৰম ঠাই হৈছে “চিত্ৰলেখা উদ্যান”, এই উদ্যানখনক “ক’ল উদ্যান” নামেৰেও জনা যায়। তেজপুৰৰ কেন্দ্ৰত অৱস্থিত এই উদ্যানখন নোচোৱাকৈ হয়তো কোনোৱে অহা নাই, যিয়ে গৈছে এবাৰ হলেও পৰিদৰ্শন কৰি আহিছে। এই বিশাল উদ্যানখনত চালে চকুৰুৱা পৰিৱশ। সৰু সৰু টিলা আৰু হ্ৰদৰ অৱস্থিতিয়ে উদ্যানখনৰ সৌন্দৰ্য্য আৰু দুগুণ চৰাইছে।

তেজপুৰত প্ৰকৃতিৰ অৱদান জানো কম! পদুমপুখু্ৰী ইয়াৰ আন এক অন্যতম উদাহৰণ। পদুমপুখু্ৰীৰ সৌন্দৰ্যই পৰ্যটকক হাত বাউল দি মাতে।

পৰ্যটকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা এই তেজপুৰেই হৈছে অসমৰ আটাইতকৈ কম প্ৰদষিত তথা পৰিষ্কাৰ চহৰ। মনোৰম তেজপুৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেজপুৰৰ বিখ্যাত প্ৰাচীন স্থাপত্য সমুহৰ কথা মই অহা খণ্ডত পুনৰ প্ৰকাশ কৰিম, তাৰ বাবে চাই থাকক আমাৰ ৱেবচাইট nefocus.com.

লেখক- বন্দনা গগৈ

Comments (1)
Add Comment
  • Pranjal saikia

    Great work.
    Keep it up.