এছীয়াৰ পৰিচ্ছন্ন গাওঁখন

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত অৱস্থিত মাওলিনং হৈছে এছীয়াৰ ভিতৰতে আটাইতকৈ পৰিচ্ছন্ন গাওঁ। যিটো সময়ত শিক্ষিত লোক এজনে তামোলখন খাই ৰাজপথতে পিকাবলৈ সংকোচ নকৰে, যিটো সময়ত ৰাজহুৱা স্থানকে বহুতে প্ৰস্ৰাৱাগাৰ হিচাপে ব্যৱহাৰ কৰে সেই সময়তে পিছে মাওলিনংবাসীয়ে পৰিচ্ছন্নতাৰ সুন্দৰ নিৰ্দেশন দাঙি ধৰি সকলোকে এখন পৰিস্কাৰ তথা প্ৰদূষণমুক্ত পৃথিবীৰ সপোন দেখুৱাব পাৰিছে। ১১০ টা পৰিয়াল থকা মাওলিনং নামৰ সৰু গাওঁখনৰ শিক্ষিত হাৰ ১০০ শতাংশ। ২০০৩ চনত বিখ্যাত ভ্ৰমণবিষয়ক আলোচনী ডিস্কভাৰ ইণ্ডিয়া মাওলিনঙক এছীয়াৰ ভিতৰতে পৰিচ্ছন্ন গাওঁ হিচাপে স্বীকৃতি দিছিল। গাওঁখনৰ বাট –পথত আপুনি বহু বিচাৰিৰলেও এটা গছৰ পাতো পৰি থকা দেখিবলৈ নাপাব। গাওঁখনৰ বাসিন্দা সকলে পাল পাতি প্ৰতি এঘণ্টাৰ অন্তৰে গাওঁখনৰ বাট সমুহ পৰিস্কাৰ কৰি থাকে। মাওলিনঙত প্লাষ্টিক নিষিদ্ধ। কেৱল প্লাষ্টিকে নহয়, গাওঁ খনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ ইয়াত ধুমপান নিষিদ্ধ কৰা হৈছে। আমৰ দেশত ধুমপান নিষিদ্ধ কৰা এখন আইন থকা পিছতো বহুতেই ৰাজুহুৱা স্থানত ধুমপান কৰি আহিছে। কিন্তু মাওলিনঙত ইয়াৰ ব্যতিক্ৰমী পৰিবেশ দেখিবলৈ পাব। ভাৰতবৰ্ষৰ ভিতৰত মাওলিনঙেই হয়তো একমাত্ৰ স্থান য’ত ধুমপানবিৰোধী আইনখন ১০০ শতাংশই ৰূপায়ণ হৈ আহিছে। এছীয়াৰ সবাতোকৈ পৰিচ্ছন্ন এই গাওঁখনলৈ প্ৰতিদিনেই দেশী- বিদেশী পৰ্যটকৰ সোঁত বয়। গাওঁখনত শতিকাৰ প্ৰাচীন দুডাল গছৰ শিপাৰ পৰা মানুহে প্ৰাকৃতিকভাবে তৈয়াৰ কৰা দলংখনে পৰ্যটকৰ দৃষ্টি আৰ্কষণ কৰি আহিছে। এই দলংখন চাবলৈ দেশ বিদেশৰ বহু পৰ্যটকে মাওলিনঙলৈ ধাপলি মেলে । প্ৰাকৃতিক সৌন্দৰ্ষই আবিৰ ৰখা মাওলিনঙৰ পৰা দেশৰ আন প্ৰান্তৰ লোকসকলে শিকাবলগীয়া হয়তো বহু কথাই বাকী আছে।

ৰাজ অসম লস্কৰ

নাজিৰা, লিগিৰী- পুখুৰী

শিৱসাগৰ

 

 

Comments (2)
Add Comment
  • anuradha duarah

    ?

  • Pahari Bora

    bahut hundor thai…..eman dhuniya prakritik poribekh?????