পৰ্যটন: ঐতিহাসিক ৰ্শিৱসাগৰত এভুমুকি

আমি সকলোৱে সাধুক্থা শুনি ডাঙৰ হৈছো নহয়নে বাৰু?ককা-আইতাৰ সাধুক্থাত যে আমি ৰাজকাৰেং, ৰজা-ৰাণীৰ প্ৰ্সাদ, মহিমাময় দৌল-দেৱাল্য়, পুখুৰী আদিৰ কথা শুনোঁ, কেতিয়াবা বাৰু মন নাযায়নে সচাকৈ এই ঠাইসমুহ চাবলৈ!অসমত আহোম যুগৰ সোণালী দিনবোৰ জীয়াই ৰখা সেই বিশেষ ঠাইখনৰ বিষয়ে আজি মই আপোনালোকক জনাম| আপোনালোকে কোনো কোনোৱে ইতিমধ্যে চাগৈ অনুমান কৰিছেই।হয়,আজি আপোনালোককঅসমৰ এই ঐতিসাহিক ঠাই “শিৱসাগৰ”বিষয়ে জনাব বিচাৰিছো।

 
 

শিৱসাগৰৰ নিজা এক অনন্য ৰূপ আছে| ইয়াৰ চাৰিওদিশে পাহাৰ, নদ-নদী আৰু চালে চকুৰোৱা সেউজীয়া পৰিৱেশ| এই ৰুপতেই মোহ গৈ আহোম স্বৰ্গদেও চাওলুং চুকাফাই শিৱসাগৰৰ চৰাইদেউত বসতি পাতে| আৰু তেতিয়াৰ পৰাই শিৱসাগৰত বিভিন্ন ধৰণৰ ৰাজকাৰেং, দৌল-দেৱালয়, পুখুৰী, সাকোঁ, মৈদাম সমুহ স্থাপন হয়|

 

শিৱসাগৰত চাবলগীয়া ঠাইসমূহৰ ভিতৰত প্ৰধান হৈছে বিভিন্ন ঘৰ সমুহ, যেনে -ৰংপুৰৰ ৰংঘৰ, তলাতল ঘৰ, গড়গাঁৱৰ কাৰেং ঘৰ, গোলাঘৰ, সূৰ্য আৰু গণেশৰ ঘৰ, ভোগ ঘৰ, দেওঘৰ আদি।প্ৰাচীন কালত এই বিখ্যাত ঘৰ সমুহ ৰজা আৰু তেওঁৰ পৰিয়াল বৰ্গই ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও শিৱসাগৰৰ কেন্দ্ৰ্তে অৱস্থিত ভাৰতৰ এক অন্যতম বিৰল কীৰ্তিচিহ্ন -‘শিৱদৌল’ ।প্ৰ্ত্যেক বছৰেই ইয়াত শিৱৰাত্ৰিৰ মহা আয়োজন কৰা হয়, প্ৰায় তিনিদিনীয়া এই উৎসৱত বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায়।শিৱদৌলৰ ওচৰতে আছে বিষ্ণু আৰু দেৱী দৌল আৰু এই শিৱদৌলৰ কাষতে লাগি আছে ৩.৫ দৈৰ্ঘ্যৰ বিখ্যাত শিৱসাগৰ পুখুৰী। ইয়াৰ উপৰিও এই শিৱসাগৰতে আন দুটি বৃহৎ পুখুৰী জয়সাগৰ আৰু গৌৰীসাগৰ পুখুৰীও অৱস্থিত।

 
 
 

দৌল-দেৱালয় সমুহৰ বাদেও আহোম স্বৰ্গদেউ সকলৰ মৈদাম সমুহো চাবলগীয়া। চৰাইদেউত অৱস্থিত এই মৈদাম সমুহ চাবলৈ বহুতো দূৰৈৰ পৰা পৰ্যটকৰ আহে। লগতে টাই মিউজিয়াম সমুহো এক উল্লেখযোগ্য ভাৱে চাবলগীয়া ঠাই।

 

কেৱল এইয়াইনে, ঐতিহাসিক এই শিৱসাগৰতে আন এক আচৰ্যকৰ বস্তৰ প্ৰ্মাণ পোৱা যায়, সেইয়া হৈছে এজোপা অতি পুৰণি গছ-“বাখৰ বেঙেনা”। শিৱসাগৰৰ এই বাখৰ বেঙেনা জোপিৰ কথা চাগৈ এতিয়াও বহুতে ঞ্জাত নহয়,৭০০ বছৰীয়া এই পুৰণি বাখৰ বেঙেনা জোপি বৰাহী ৰজা মহামাণিক্যই ৰোপণ কৰিছিল বুলি জনা যায়।

 

গতিকে গম পাইছে যে আমাৰ অসমতে ইমান সুন্দৰ প্ৰাচীন কীৰ্তিচিহ্ন সমুহে ভৰি আছে!ব্যস্ততাৰ মাজতো অকণমাণ সময় উলিয়াই আহিবচোন !আহোমৰ ৬০০ বছৰীয়া গৰিমাময় বৰ্ষক সাক্ষী কৰি গৰ্বেৰে থিয় দি থকা এই প্ৰাচীন কীৰ্তিচিহ্ন সমুহ চাবলৈ। আজি উল্লেখ কৰা ঠাইসমুহৰ বাহিৰেও আৰু অনেক নতুন ঠাইৰ বিষয়ে আপোনালোকক পৰবৰ্তী সময়ত জনাম। তাৰ বাবে আপো নালোকে চাই থাকিব www.nefocus.com.
পৰ্যটকৰ সুবিধাৰ্থ
পুলিচ ষ্টেচন                                      হোটেল নাম                  
শিৱসাগৰ পুলিচ- ২২২৯২৩/১০০                             ব্ৰ্ক্ষমপুত্ৰ ,ফোন ন্ং- ০৩৭৭২২২২২০০
গৌৰীসাগৰ পুলিচ- ২২৮৩১২                            পিক্কল’ , ফোন ন্ং- ০৩৭৭২২২৩১২৬

 

লেখক- বন্দনা গগৈ

 
 
 

Comments (5)
Add Comment
  • Saranga Pani Saikia

    Bandana ba…..great work up!!!…..Truly appreciate the new leaf of your life….Go ahead……

  • Bandana Gogoi

    Thank u so much dear bro for ur encouragement…!