আউটলেট মুকলি

য়ুথ আইকন বিৰাট কোহলীৰ দ্বাৰা প্ৰতিষ্ঠিত সাধাৰণ জনতাৰ বাবে মেনছৱেৰ ফেশ্বন ব্ৰেণ্ড ‘ৰং’ য়ে গুৱাহাটীত স্থাপন কৰিছে ইয়াৰ প্ৰথমটো এক্সক্লুছিভ আউটলেট। আজি অভিনেতা আৰু মডেল সিদ্ধাৰ্থ বড়োৱে ৰুদ্ৰাক্ষ মলত অৱস্থিত এই ষ্টোৰখন মুকলি কৰে। এই ষ্টোৰত ২৫০ তকৈও অধিক ডিজাইনৰ, টী-শ্বাৰ্ট, শ্বাৰ্ট, চিনোছ, শ্লিম চাৰ্ট, ট্ৰাউজাৰ আৰু কেজুৱেল জেকেট উপলব্ধ হ’ব। এই কালেকচনৰ দাম আৰম্ভ হৈছে ৭৯৯ টকাৰপৰা।

লেবেলৰ ডিজাইন টীমৰ সহযোগীতা ৰং মেনচৱেৰ কালেকচনৰ ধাৰণা আগবঢ়াইছে বিৰাট কোহলীয়ে। এই ব্ৰেণ্ডটোত প্ৰতিফলিত কোহলীৰ সুস্পষ্ট ব্যক্তিগত ষ্টাইল আৰু ফেশ্বনৰ সংবেদনশীলতা। “ৰং”ৰ স্বত্বাধিকাৰী ইউ এছ পি এল আৰু ইয়াক স্থাপন কৰিছে ভাৰতৰ চেলিব্ৰেটি অঞ্জনা ৰেড্ডীয়ে।

Comments (0)
Add Comment