এইচ ডি এফ চি বেংকৰ সহযোগিতাত ইণ্ডিগ’ কা চিং ক্ৰেডিট মুকলি

এইচ ডি এফচি বেংকে প্ৰথমখন ভ্ৰমণ ক্ৰেডিট “কা-চিং” মুকলি কৰিছে ৷ এই কাৰ্ডখন মাষ্টাৰ কাৰ্ডৰ দ্বাৰা সমৰ্থিত ৷ ৬ই ৰিৱাৰ্ড আৰু ৬ই ৰিৱাৰ্ড এক্সএল শীৰ্ষক দুটা প্ৰকাৰত মুকলি হোৱা এই নতুন ক্ৰেডিট কাৰ্ডখনে বিভিন্ন সুবিধাৰ সৈতে ঘৰুৱা আৰু আন্তৰ্জাতিক ভ্ৰমণত সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিব৷
কাৰ্ডখন সক্ৰিয় হোৱাৰ পিছত গ্ৰাহকে কাৰ্ডৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ১৫০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত প্ৰশান্তিসূচক এয়াৰ টিকটে লাভ কৰিব ৷ তাৰোপৰি গ্ৰাহকে ইণ্ডিগ’ লেনদেনত ৬ই ৰিৱাৰ্ডো সংগ্ৰহ কৰিবলৈ সমৰ্থ হ’ব ৷ গ্ৰাহকে নিদিষ্ট সহযোগী সমৰ্থিত ডাইনিং , শ্বপিং ভ্ৰমণ চিকিৎসা বিল আদিৰ ব্যয়ত অতিৰিক্ত ১০-১৫% ৬ই ৰিৱাৰ্ড লাভ কৰিব ৷ কাৰ্ডৰ গৰাকীয়ে অগ্ৰাধিকাৰযোগ্য চেক ইন , আসন বাচনি আৰু প্ৰশান্তিসূচক আহাৰৰ দৰে অন্য সুবিধাও লাভ কৰিব ৷
কা চিং কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ১৪ বিধ ভ্ৰমণ আৰু লাইফষ্টাইলৰ সুবিধা লাভ কৰিব ৷ এই সুবিধাসমূহৰ ভিতৰত বিশেষ লাউঞ্জ এক্সেছ , বিশ্বৰ বিশেষজ্ঞসকলৰ পৰা প্ৰশান্তিসূচক বিশেষ চিকিৎসা পৰামৰ্শ , ভাৰতৰ কিছুমান শীৰ্ষৰ গল্ফ খেলাৰ স্বাধীনতা ইত্যাদিয়ে প্ৰধান ৷ কাৰ্ডৰ গৰাকীয়ে মাষ্টাৰ কাৰ্ড সমৰ্থিত সেৱাসমূহ , বিমানবন্দৰ লাউঞ্জ সেৱা আৰু হোটেল , গাড়ী ভাৰা তথা বিমানৰ টিকেট ক্ৰয় আদিত প্ৰিমিয়াম সুবিধাসমূহ লাভ কৰিব ৷
এই সন্দৰ্ভত ইণ্ডিগ’ মূখ্য বাণিজ্যিক বিষয়া উলিয়াম ৱল্টাৰে কয় আমি ইণ্ডিগ’গ্ৰাহকসকলক উদ্বেগ বিহীন তথা স্মৰণযোগ্য অভিজ্ঞতা প্ৰদান কৰিব বিচাৰে ৷ কা চিং ৰ মুকলিয়ে এই পদক্ষেপ অধিক সৱলীকৃত কৰিব ৷ আমি আমাৰ গ্ৰাহকসকলক বিমানৰ টিকট ক্ৰয় , ডাইনিং মনোৰঞ্জন আৰু অন্য ব্যয়ত ৬ই ৰিৱাৰ্ড পইণ্ট প্ৰদান কৰিবলৈ পাই সুখী অনুভৱ কৰিছো ৷ এইচ ডি এফচি বেংক আৰু মাষ্টাৰ কাৰ্ডৰ সহযোগিতাই ইণ্ডিগ’ৰ নেটৱৰ্ক গ্ৰাহকক অনান্য অভিজ্ঞতা প্ৰদানৰ সৈতে সম্প্ৰসাৰিত কৰিব ৷
কাৰ্ডখন মুকলি কৰি এইচ ডি এফচি বেংকৰ লেনদেন সমাধান আৰু বিপনন বিভাগৰ দেশীয় মুৰব্বী পৰাগ ৰাৱে ইণ্ডিগ’ আৰু মাষ্টাৰ কাৰ্ডৰ দৰে অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকে গ্ৰাহকক উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৷
 

Comments (0)
Add Comment