প্ৰাকৃতিক চাহেৰে পৰিচয় জিনা ব্যক্তিজন

এটা সুন্দৰ দিনৰ আৰম্ভণি আপুনি কিদৰে কৰে বাৰু ? তাৰ উত্তৰত নিশ্চয়কৈ হ’ব চাহ । হয়, পুৱা শুই উঠিয়েই সেৱন কৰা একাপ চাহে মনৰ জঠৰতা ভাঙি অথবা অৱসাদ দুৰ কৰি, সতেজ কৰি তোলে আৰু দিনটোৰ বাবে কাৰ্যক্ষম কৰি তোলে। চাহ বুলিলে বিভিন্ন প্ৰকাৰৰ ব্ৰেণ্ডৰ চাহৰ কথা মনলৈ আহে। কিন্তু অধিকাংশ চাহৰ প্ৰস্তুত প্ৰণালী কৃত্ৰিম । আজি আপোনাক জনাব বিচাৰিছো এই কৃত্ৰিমভাবে প্ৰস্তুত কৰা নহয়, থলুৱা খেতিয়কে সৃজনীশীলতাই সৃস্ট প্ৰকৃতিৰ পৰা পোৱা সহজ লভ্য বুস্তুৰে প্ৰস্তুত কৰা প্ৰাকৃতিক চাহৰ বিষয়ে। প্ৰাকৃতিক চাহৰ বিষয়ে জনোৱাৰ আগতে প্ৰাকৃতিক চাহৰ উদ্ভাৱকৰ বিষয়ে জানোচোন আহক ।

তেখেতৰ নাম ধীৰেন ফুকন । ঘৰ ডিব্ৰুগড় জিলাৰ ধোৱাপথাৰত । ঘৰুৱা অসুবিধাৰ বাবে হাইস্কুলৰ দেওনা গৰকিয়েই ছাত্ৰ জীৱন সিমানতে ইতি পেলালে। জীৱন সংগ্ৰামৰ জীৱিকা হিচাপে প্ৰথমে খেতিক আৰু পিছলৈ ব্যৱসায়ক আকোঁৱালি ললে । আৰম্ভ কৰিলে প্ৰাকৃতিক চাহ বিপ্লৱৰ এক নতুন অধ্যায় । জন্ম দিলে চেনেহী চাহ বাগিচা ।

আচলতে ধীৰেন ফুকন বোলা মানুহজন খুবেই কৰ্মী মানুহ। ১৯৮৯ চনৰ কথা । সৰু সুৰা খেতি আৰু ব্যৱসায়ত বিশেষ লাভ নোহৱাত ফুকনে এদিন সিদ্ধান্ত ল’লে । সেই সিদ্ধান্ত মতে এখন ক্ষুদ্ৰ চাহ বাগিচা খুলিল । এই ক্ষেত্ৰত কেইজন মান শুভাকাংশীয়ে যথেষ্ট সহায়ৰ হাত আগবঢালে । চাহৰ গুটি অনাৰ পৰা আৰম্ভ কৰি চাহৰ পুলি বেলেগৰ বাগিচাত যোগান ধৰালৈ কে ধীৰেন ফুকনে অতি সোনকালে সকলো কাম কাজ আয়ত্ব কৰিলে। সেই সুযোগতে বাগিচাৰ পৰিচালকৰ লগতে বিদেশৰ স্বেচ্চাসেৱী সংগঠনৰ লগত পৰিচয় ঘটে । তেঁওলোকৰ সান্নিধ্যত ফুকনে চাহৰ সম্বন্ধে বিভিন্ন জ্ঞান আয়ত্ব কৰে। বিভিন্ন আভিজ্ঞ ব্যক্তিৰ পৰা পোৱা জ্ঞানক সাৰথি কৰি ফুকনে প্ৰথমে কি দৰে প্ৰকৃতিক ভাবে কৃষি পৰিচৰ্যা কৰিব পাৰি তাক উদ্ভাৱন কৰে । তেওঁ উদ্ভাৱন কৰা ন প্ৰণালী বিষয়ে বিভিন্ন জনক অৱগত কৰায় আৰু সেই সকলো উপকৃত হয়। এই সৰ্ম্পকে ধীৰেন ফুকনে NE FOCUS ক এনেদৰে কয়……….. মই শিকোৱা প্ৰাকৃতিক কৃষি পৰিচৰ্যা প্ৰণালীৰ জৰিয়তে বহুজন উপকৃত হোৱাত মনত দুগুণ উৎসাহ পালো আৰু ঠিক পিছতে প্ৰাকৃতিক সাৰ, চাহ গছৰ পোক মৰা ঔষধ, ভেঁকুৰ নিৰাময় কৰা ঔষধ, চাহপাত খাব পৰাকে প্ৰস্তুত কৰা হাতেৰে নিৰ্মিত মেচিন প্ৰস্তুত কৰো ।গৰুৰ মলমুত্ৰ, মেতেঁকা, পথাৰৰ নৰা, কোমল কোমল ঘাঁহ বন (কচু, বাম কলমৌ ইত্যাদিৰে) চাহ গছত দিবৰ বাবে সাৰ প্ৰস্তুত কৰো আনহাতে ঔষধি সম্পন্ন উদ্ভিদ যেনে অগৰা, বন মেদেলৱা, সৰু সৰু থলুৱা মাছ যেনে পুঁঠি, খলিহনাই ঔষধ প্ৰস্তুত কৰো। এই ক্ষেত্ৰত কানাডাৰ FERTILE GROUND নামৰ NGO টোৰ Peggy Carswelt নামৰ বিষয়ববীয়া জন আৰু তেখেতৰ শুভাকাংক্ষী সকলৰ সহায়ৰ কথা স্বীকাৰ কৰে।

উল্লেখযোগ্য যে ধীৰেন ফুকনে Green Tea, Black Tea, Orthodox Tea ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে । ৰ্বত্তমানে ফুকনৰ ১৩ বিঘা মাটিত চাহ খেতি হয়। বছৰি ২০ লাখ টকা উপাৰ্জন হয়। Chenehi Natural Tea Group ৰ এই ধাৰা অব্যাহত ৰখাৰ বাবে তথা ক্ষুদ্ৰ চাহ খেতিয়ক সকলে যাতে অলপ হ’লেও সকাহ লাভ কৰে সেই উদ্দেশ্যে ফুকনে অসমৰ বিভিন্ন জিলাত প্ৰশিক্ষণ প্ৰদান কৰিছে। এই ক্ষেত্ৰত তেও ২০০৮ চনত দিল্লীৰ প্ৰগতি মৈদানত প্ৰৰ্দশনৰ বাবে লৈ যোৱা চাহৰ কথা সোঁৱৰে । চেনেহী চাহ বাগিচাৰ চাহ পাত বছৰি কানাডা, অষ্ট্ৰেলিয়া লগতে সমগ্ৰ উত্তৰপূৰ্বলৈ ৰপ্তানি হয়। প্ৰকৃতিক চাহৰ প্ৰসাৰতা বাবে ধীৰেন ফুকনে Organic Tea Growers Association of North East India ৰ দায়িত্ব লবলৈ সক্ষম হয়। চাহৰ বাবে ফুকনে বহুকেইখন বিদেশী ৰাষ্ট্ৰ যেনে ইজিপ্ত, ইটালী, মেক্সিকো ৰ পৰা আমন্ত্ৰিত হৈছিল। ইতিমধ্যে অষ্ট্ৰেলিয়াত ধীৰেন ফুকনেৰ চাহ প্ৰৰ্দশিত হৈছিল। চাহেৰে ক্ষুদ্ৰ খেতিয়ক সকললৈ আশা ৰেঙণি কঢিয়াই অনা ধীৰেন ফুকনৰ জয় যাত্ৰা অব্যাহত থাকক, তাৰেই বহু শুভ কামনা থাকিল।

Comments (4)
Add Comment
  • অঞ্জনা গগৈ

    অসম আপোনাক লৈ গৌৰৱান্বিত । উঠিঅহাসকলৰ কাৰণে আপুনি চানেকী হৈ ৰওক । আহি থকা সময়খিনিত আপোনাৰ জয় যাত্ৰাৰ শুভকামনা কৰিলো ।

  • Chinmoyjyoti Hazarika

    ধীৰেন ফুকন! আজি তেওঁৰ নামেই পৰিচয়। ফুকনৰ দৰে দৃঢ় মনোবল আৰু জাতিৰ কল্যাণ চিন্তা থকা মানুহেই বিকাশৰ সূচনা কৰিব পাৰে। নতুন চিন্তাৰ বাবে সাহসৰ প্ৰয়োজন। ফুকন তেনে সাহসী ব্যক্তি। কম স্কুলীয়া শিক্ষা তেওঁৰ অন্তৰায় হোৱা নাই। ফুকনৰ নিচিনা মানুহেহে দেশ নিৰ্মাণ কৰে।

  • Poban

    অসমীয়াই ধীৰেন ফুকনৰ দৰে ব্যক্তিৰ পকা বহু শিকিবলগীয়া আছে ৷

    • Poban

      পৰা