বিবেকৰ সেৱাই সেৱা আগবঢ়াইছে

 
দৃঢ়তা আৰু মনোবল থাকিলে সকলো কাম সম্ভৱপৰ হৈ উঠে । এজন সাধাৰণ যুৱক, নাম বিবেক বৰা। ঘৰ যোৰহাট ৰ বৰখঙীয়াত। ল’ৰা জন যদিও সাধাৰণ কিন্তু সমাজৰ বাবে কিবা এটা কৰাৰ তেঁওৰ দুৰ্বাহ হেপাঁহ আছিল। সেই হেপাঁহৰ তাগিদাতে আগবাঢি গৈছিল আৰু গঠন কৰিছিল “সেৱা” নামৰ এটা বে-চৰকাৰী সংগঠন।  
 
যিটো সংগঠনৰ উদ্যোগত নাৰী সৱলীকৰণ আৰু যুব কল্যাণৰ কাম কাজ সম্পাদন হয়। Polytechnic Engineering শৈক্ষিক জীৱনৰ পৰিসমাপ্তি ঘটোৱা, বিবেক কিছুবছৰ অসমৰ বাহিৰত কোম্পানীৰ চাকৰিত কৰ্মৰত আছিল। সেই সময়খিনিত বিভিন্ন ঠাইত ঘুৰি বিভিন্ন মানুহৰ সান্নিধ্যত বহু কথাই শিকিছিল। বিবেকৰ ভাযাত ক’বলৈ হ’লে মই যেতিয়া কোম্পানীৰ কাম কলিকতাত কিছুবছৰ আছিলো, তেতিয়া তাত দেখা পাইছিলো যে তাৰ মহিলা সকল অধিকাংশ আৰ্থিক ভাৱে স্বাৱলম্বী। কাৰণ উৱাদিহ বিচাৰি জানিব পাৰিছিলো যে, তেঁওলোক আজৰি সময়ত এনেই নকটায়, কিবা নহয় কিবা কামত ব্যস্ত থাকি নিজে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো কিছু সকাহ যোগাইছে । এনে এটা পৰিবেশ দেখি মনত থিৰাং কৰিলো যে অসমটো এনে এটা পৰিবেশ সৃষ্টিৰ বাবে ব্ৰতী হঁও। সেইয়েহে সেৱা নামৰ এটা সংগঠন, ৭ জন সহকৰ্মীৰ সৈতে একত্ৰিত হৈ গঠন কৰো। আৰু সেৱাৰ যোগেদি বিভিন্ন প্ৰশিক্ষণ, সজাগতা সভাৰ যোগেদি অনুন্নত আৰ্থিক ভাবে পিছপৰা অঞ্চলৰ বহুজনক স্বাৱলম্বীতাৰ পথৰ নিদৰ্শন আগবঢাও।

 
উল্লেখযোগ্য যে সেৱাৰ উদ্যোগত যোৰহাট, মৰিয়ণী, তিতাবৰ, মাজুলীৰ প্ৰায় ৩৫০ টা আত্মসহায়ক গোটক ধুপ, চাবোন, মম, কলগছৰ আহেৰে সুতা প্ৰস্তুত কৰা প্ৰশিক্ষণ প্ৰদান কৰিলে। স্মৰ্তব্য যে, বিবেকে নিজৰ সাচতীয়া টকাৰ সকলোখিনি কাৰ্য্য কৰিছে। সেৱাৰ যোগেদি প্ৰশিক্ষণ লৈ উদ্যোগ গঠন কৰা উদ্যোগ সমুহৰ ভিতৰত উল্লেখযোগ্য উদোগ্য হ’ল নামৰূপৰ Dipali Agarbati Industries । উল্লেখযোগ্য যে বিভিন্ন সময়ত সেৱাৰ সদস্য সকলে পৰিবেশ সুৰক্ষাৰ বাবে বৃক্ষ ৰোপণ আৰু শৌচাগাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সভা আয়োজন কৰি আহিছে । সেৱাই সেৱাৰ জৰিয়তে জনকল্যাণ সাধিবলৈ সক্ষম হৈছে । সেৱাই সমাজত নতুন দিগন্তৰ সুচনা কৰক শুভকামনা থাকিল।

Comments (10)
Add Comment
  • বিকাশ প্ৰসাদ

    বিবেক বৰাৰ যোগাযোগৰ নম্বৰটো পামনে….

  • তপন কাকতি

    বৰ ভাল পদক্ষেপ

  • ashimjyoti

    I also want to do some thing for the tea garden pupils,can you give me his number ?

  • Monuj Likson

    Good job yaar……keep it up….

  • Sri Labonu Rajkonwar,Namrup

    Hundor podokhep.Nijor poisare aji dinot homaj hewa kora keijon ase.Hi is a great man.

  • Pallab Borah

    Good work Bibek.Any one can contact him on +918876361254

  • BIKASH GOGOI

    Good work

  • Haman Hazarika

    Good job. keep it up

  • Kasturika

    আগুৱাই যাওঁক….

  • Siddique ali

    মোৰ প্ৰশিক্ষনৰ প্ৰয়োজন।কেনেকৈ যোগদান কৰি ম
    জনাব।