কালিলৈ মুকলি হ’ব দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগ

২০ বছৰ পুৰণি এটা সপোন। সেই সপোনে বাস্তৱ ৰূপ পাব কালি দিনটোত। পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী ২০০০ চনতে মনালী আৰু লাহাউল উপত্যকা সংযোগ কৰি সুৰংগ নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছিল।বিভিন্ন কাৰণ বশত: সেই কাম  হৈ নুঠিল।
 
 
 
পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগ নির্মাণ বাবে নিৰ্দেশ জাৰি কৰে। সেই অনুসৰি আনুষ্ঠানিক ভাৱে মুকলি হ’ব ৰোহটাঙত অটল টাৰ্নেল। প্ৰায় ৯.২ কিলোমিটাৰ দৈৰ্ঘ্য এই সুৰংগটো হ’ল বিশ্ব আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগ। জানিব পৰা মতে কালি পুৱা ১০ বজাত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিক ভাৱে সুৰংগটো মুকলি কৰিব।
 
 
উল্লেখযোগ্য যে পাহাৰীয়া ঠাই হোৱা হেতুকে প্ৰচণ্ড তুষাৰপাতৰ ফলত বছৰটো ছয় মাহ দুইখন ঠাই মাজত যোগাযোগ বিচ্ছিন্ন হৈ থাকে। হিমালয়ৰ ৩০০০ হাজাৰ মিটাৰ উচ্চতাত অত্যাধুনিক প্ৰযুক্তিৰে সুৰংগটো নিৰ্মাণ কাৰ্য চলিছে। সুৰংগটো মুকলি হ’লে মনালী আৰু লাহাউল মজাত ৪৬ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব।

Comments (0)
Add Comment