অচিৰেই আৰম্ভ হ’ব মেট্ৰ’ৰেলৰ সেৱা

২০২০চনত গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰেল। মেট্ৰ’ ৰেল, ম’ন’ ৰেল আদি চলিব বুলি জল্পনা-কল্পনা চলি থকাৰ মাজতেই পূৰ্ণ গতিত চলি আছে বিদ্যুৎ চালিত ৰে’ল চলাবৰ বাবে আন্তঃগাঁথনি উন্নতকৰণৰ কাম। কাটিহাৰৰ পৰা মালদাহলৈ উত্তৰ-পূবৰ ৰে’লৱেৰ অধীনত মাত্ৰ এতিয়া চলে এখনহে বিদ্যুৎ চালিত ৰেল।ইয়াৰ বাবে দীৰ্ঘদিন ধৰি ৰেল পথৰ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে। প্ৰথম পৰ্যায়ত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ প্ৰায় ৬৫০ কিঃমিঃ পথত বিদ্যুৎ চালিত ৰেল চলোৱা হ’ব। সেয়েহে কাটিহাৰাৰ পৰা নিউ জলপাইগুৰিলৈ বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে ৰেল পথ উন্নতকৰণৰ কাম সমান্তৰালভাৱে চলাই থকা হৈছে।গুৱাহাটীৰ পৰা লামডিঙলৈও ৩৫০ কিঃমিঃ ৰেল পথতো চলিব বিদ্যুৎ চালিত ৰেল। ইয়াৰো কাম-কাজ চলি আছে এতিয়া। ইয়াৰ পিছৰ পৰ্যায়ত ডিব্ৰুগড়লৈ বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে ৰেল বিভাগে কাম-কাজ আৰম্ভ কৰিব। গুৱাহাটী মহানগৰীতো ৰেল পথ সমূহ বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে দিনে-নিশাই কাম চলাই থকা হৈছে। অৱশ্যে এই ৰেলপথ সমূহেৰে বিদ্যুৎ চালিত ৰেল চলাচলৰ ক্ষেত্ৰত ৰেলৱে ক্ৰছিং সমূহৰো উন্নিতকৰণ কৰাৰ প্ৰয়োজন আছে।গান্ধীবস্তি, বামুনীমৈদামকে ধৰি মহানগৰীত থকা ভালে কেইটা ৰেল ক্ৰছিঙত যথেষ্ট যান-জঁট সৃষ্ট হয়। বামুনীমৈদামৰ ৰেল ক্ৰছিঙৰ অনুৰাধাৰ পৰা উৰণীয়া সেতু নিৰ্মাণ কৰা সম্ভৱ নহয়। বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে উক্ত পথত ৰেলৱে উৰণীয়া সেতুৰ প্ৰয়োজন হ’ব। ইফালে বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে বিদ্যুতৰ সংকট থকা ৰাজ্যখনত ক’ৰ পৰা এই বিদ্যুৎ আহৰণ কৰা হ’ব সেয়াও এক চিন্তনীয় দিশ হিচাপে বিবেচিত হৈছে।পাৱাৰ গেটে হয়তো ৰেল বিভাগক এই বিদ্যুৎ যোগান ধৰিব। চালাকাটিৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰাও ৰেল বিভাগে বিদ্যুৎ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। কিয়নো উক্ত তাপ বিদ্যুৎ প্ৰকল্পটোৱে ৭০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। এই প্ৰকল্পটোৰ কাম এতিয়া পূৰ্ণ গতিত চলি আছে।আনহাতে, উত্তৰ-পূব সীমান্তৰ ৰেল পথ সমূহত বিদ্যুৎ চালিত ৰে’ল চলিলে প্ৰদূষণ হ্ৰাস পোৱাৰ লগতে ৰেলৰ গতিও বৃদ্ধি পাব। সেয়েহে এই খবৰে আশাৰ সঞ্চাৰ কৰিছে।খবৰ যুগুতালে দিলিস্তান খানে ।

 

Comments (0)
Add Comment