অযোধ্যাত ভাস্কৰ্য নিৰ্মাণত ব্যস্ত অসমৰ ৰঞ্জিত মণ্ডল

এগৰাকী অসমৰ শিল্পী। নাম ৰঞ্জিত মণ্ডল। সম্প্ৰতি ৰামনগৰী অযোধ্যাত ভাস্কৰ্য শিল্প গঢ় দিয়াত ব্যস্ত।
 
শিলচৰৰ ইটাখোলাৰ ফাটেকবজাৰ চ’কৰ ৰঞ্জিত মণ্ডলে ২০১৩চনতে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ৰামমন্দিৰৰ ১২৫টা ভাস্কৰ্য বনোৱা কামত নিয়োজিত আছে।
 
 
উল্লেখযোগ্য যে ৰঞ্জিত মণ্ডল চিত্ৰ আৰু ভাস্কৰ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেখেতৰ এই কামত সহায় কৰিছে তেওঁৰ পিতৃ নাৰায়ণ মণ্ডলে। চিমেণ্ট, বালি আৰু গ্ৰেণাইট শিলৰ সহায়ত ৰঞ্জিত মণ্ডলে ভগৱান ৰামৰ জন্মৰ পৰা সকলোলৈকে ভাস্কৰ্য খোদিত কৰিছে। সুনিপুণ শিল্পকৰ্মৰ বাবে সেয়েহে ৰঞ্জিত মণ্ডল এতিয়া সকলোতে চৰ্চিত হৈ পৰিছে।

Comments (0)
Add Comment