অসমত HPV টিকাকৰণ অভিযান ৰূপায়ণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। ৰাজ্যখনত এতিয়ালৈকে ৩ লাখতকৈ অধিক যোগ্য কিশোৰীক HPV টিকা প্ৰদান কৰা হৈছে, যাৰ ফলত ৰাজ্যৰ ৩.২৭ লাখৰ লক্ষ্যৰ বিপৰীতে প্ৰায় ৯৩ শতাংশ হাৰ লাভ কৰা হৈছে। জিলা পৰ্যায়ত অব্যাহত থকা প্ৰচেষ্টাৰ জৰিয়তে যোগ্য সকলো হিতাধিকাৰীক সামৰি ১০০ শতাংশ টিকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ৰাজ্যখনে আগবাঢ়িছে।
HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণ (Routine Immunization) সন্দৰ্ভত ২৮ আৰু ২৯ ছেপ্টেম্বৰ, ২০২৬ত গুৱাহাটীত দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা তথা অভিমুখীকৰণ সভা অনুষ্ঠিত হয়। স্বাস্থ্য সেৱা সঞ্চালকালয় (FW), অসমৰ উদ্যোগত অনুষ্ঠিত এই সভাত অসমৰ ৩৫খন জিলাৰ জিলা পৰ্যায়ৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলে অংশগ্ৰহণ কৰি অভিযানৰ অগ্ৰগতি আৰু ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে পৰ্যালোচনা কৰে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, স্বাস্থ্য সেৱা সঞ্চালকালয় (FW) আৰু NHM, অসমৰ উদ্যোগত নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ জৰিয়তে HPV টিকাকৰণ অভিযান ৰূপায়ণ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত নিয়মীয়া টিকাকৰণ সেৱা অধিক শক্তিশালী কৰি টিকাকৰণৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে যোগ্য হিতাধিকাৰীসকলক সময়মতে টিকা প্ৰদান নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
উদ্বোধনী অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° এ. কে. বৰ্মন; NHM, অসমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছ., IAS; স্বাস্থ্য সেৱা সঞ্চালক (FW), অসমৰ শ্ৰী কে. তালুকদাৰ, ACS; অসমৰ চিকিৎসা শিক্ষা সঞ্চালক ড° এম. কে. চৌধুৰী; আৰু নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ তথা TICA প্ৰকল্পৰ মুখ্য অনুসন্ধানকাৰী ড° এ. চি. বৈশ্য উপস্থিত থাকে।
অধিৱেশনৰ শেষত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত তথা সচিব ড° পি. অশোক বাবু; NHM, অসমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছ. স্বাস্থ্য সেৱা সঞ্চালক (FW), কমলজিৎ তালুকদাৰ; আৰু গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ ড° অধ্যাপক (ড°) বাবুল কুমাৰ বেজবৰুৱাকে ধৰি জ্যেষ্ঠ স্বাস্থ্য বিষয়া, জিলা পৰ্যায়ৰ স্বাস্থ্য দল, মেডিকেল কলেজসমূহৰ অধ্যাপক আৰু সহযোগী অংশীদাৰসকলৰ প্ৰতিনিধি উপস্থিত থাকে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে HPV টিকাকৰণ অভিযানৰ ওপৰত নিৰ্মিত এখন চমু ভিডিঅ’ মুকলি কৰে। ভিডিঅ’খনত অসমজুৰি অভিযানটোৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বিভিন্ন দিশ উপস্থাপন কৰা হৈছে।