গাৰো জনগোষ্ঠীৰ অন্যতম বৃহৎ আৰু পৰম্পৰাগত উৎসৱ হাণ্ড্ৰেড ড্ৰামছ ৱাংগালা মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ অহা ১১ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। মেঘালয়ৰ তুৰাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৪০ কিলোমিটাৰ নিলগত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিবাগ্ৰেৰ গাৰো হেৰিটেজ ভিলেজ,ৱাংগালা আদামত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। গাৰো জনগোষ্ঠীৰ চহকী ঐতিহ্য, পৰম্পৰাগত সংগীত,লোকনৃত্য আৰু থলুৱা ৰীতি-নীতিৰ প্ৰদৰ্শনেৰে মহোৎসৱস্থলী মুখৰিত হৈ পৰিব। শস্য চপোৱাৰ পিছত কৃষিৰ সমৃদ্ধিৰ বাবে সৰ্বদাতা মিছি ছালজং দেৱতাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি এই উৎসৱ পালন কৰা হয়।
মহোৎসৱৰ প্ৰট’কল বিষয়া এলবাৰ্ট চাংমাই জনাই যে, মহোৎসৱৰ কাৰ্যসূচী অনুসৰি যোৱা ৭ নৱেম্বৰৰ পৰা ৱাংগালা দলসমূহৰ আগমন আৰম্ভ হৈছে। ইয়াৰ লগতে ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱাংগালা-থন (মাৰাথন) অনুষ্ঠিত কৰা হৈছে। ১০ নৱেম্বৰত অংশগ্ৰহণকাৰী দলসমূহ চিবাগ্ৰেৰ ৱাংগালা আদাম উদযাপনস্থলীত উপস্থিত হোৱাৰ পিছত সহস্ৰ ঢোলৰ বিশেষ পৰিৱেশনৰ বাবে প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হ’ব। ১১ নৱেম্বৰত মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই দিনটোত ‘চিৰংদিক’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন, প্ৰাৰ্থনা, সম্বৰ্ধনা অনুষ্ঠান, পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান আৰু অসমৰ কাৰ্বি আংলং ৱাংগালা দলৰ বিশেষ নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হ’ব। লগতে হাণ্ড্ৰেড ড্ৰামছ ৱাংগালা কালচাৰেল ফেষ্টিভেল কমিটীৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা হ’ব।
উল্লেখযোগ্য যে, ১২ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে মহোৎসৱত অংশগ্ৰহণ কৰিব। এই দিনটোৰ বিশেষ আকৰ্ষণ হ’ব পৰম্পৰাগত প্ৰাৰ্থনা, ৰুগা নৃত্য, সহস্ৰ ঢোলৰ পৰিৱেশন, ৰুগালা অনুষ্ঠান, নৃত্য প্ৰতিযোগিতা, গাৰোসকলৰ থলুৱা খেল-ধেমালি আৰু বঁটা বিতৰণী অনুষ্ঠান। ১৩ নৱেম্বৰত মেঘালয়ৰ ৰাজ্যপাল চন্দ্ৰশেখৰ এইচ বিজয়শংকৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই দিনটোত পৰম্পৰাগত ‘চাচাট ছোৱা’ অনুষ্ঠান, লোকগীত, কণ কণ শিশুৰ ৱাংগালা দলৰ নৃত্য প্ৰদৰ্শন আৰু সহস্ৰ ঢোলৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সামৰণি দিনটোৰ অন্যতম আকৰ্ষণ হ’ব সহস্ৰ ঢোলৰ বৃহৎ পৰিৱেশন, দহটা সাংস্কৃতিক দলৰ মাজত নৃত্য প্ৰতিযোগিতা আৰু গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ বিশেষ প্ৰচেষ্টা। ইয়াৰ উপৰি বিভিন্ন সাংস্কৃতিক শিল্পীৰ অনুষ্ঠান আৰু বঁটা বিতৰণীৰে চাৰিদিনীয়া মহোৎসৱৰ সামৰণি পৰিব। উল্লেখ্য যে শত ঢোলৰ উৎসৱ হিচাপে পৰিচিত ৱাংগালা গাৰো জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা। শস্য চপোৱাৰ পিছত কৃষিৰ সমৃদ্ধিৰ বাবে মিছি ছালজং দেৱতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিয়েই এই উৎসৱ পালন কৰা হয়। পৰম্পৰা অনুসৰি উৎসৱৰ আৰম্ভণিতে ‘ৰুগালা’ অনুষ্ঠানত গাঁওপ্ৰধান অৰ্থাৎ নকমাই দেৱতাৰ উদ্দেশ্যে নতুনকৈ প্ৰস্তুত কৰা চাউলৰ সুৰা, সিজোৱা ভাত আৰু শাক-পাচলি আগবঢ়ায়। ইয়াৰ পিছতে ‘চাচাট ছোৱা’ অনুষ্ঠানৰ জৰিয়তে উৎসৱৰ শুভাৰম্ভ কৰা হয়। গাৰো পাহাৰৰ বিভিন্ন গাঁৱ, অসম, বাংলাদেশতো বিভিন্ন স্থানত এই উৎসৱ পালন কৰা হয় যদিও ঠাইভেদে ইয়াৰ তাৰিখ আৰু উদযাপনৰ সময়সীমা পৃথক হয়। এইবাৰৰ সোণালী জয়ন্তী বৰ্ষৰ মহোৎসৱে গাৰো জনগোষ্ঠীৰ থলুৱা কৃষ্টি-সংস্কৃতি, পৰিচয় আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আৰু সাংস্কৃতিক অনুৰাগীক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে বুলি উদযাপন কমিটিৰ প্ৰট’কল বিষয়া এলবাৰ্ট চাংমাই জানিবলৈ দিয়ে।