অসম ৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক নিৰ্দেশনা মৰ্মে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে আলেখ্য অধ্যক্ষ দায়িত্ব প্ৰদান কৰা হৈছে।
বিগত সময়চোৱাত নিগমৰ উপাধ্যক্ষ হিচাপে দায়িত্বত থকা আলেখ্য বৰুৱাই এই চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পিছতে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিছে।
দায়িত্ব গ্ৰহণৰ পাছত বৰুৱাই আজি জনতা ভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াক সাক্ষাৎ কৰি নিগমৰ কাম কাজৰ সন্দৰ্ভত আলোচনা কৰে।