গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্চ শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে ৰূপায়িত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ৰ অধীনত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত ৮০ গৰাকীৰো অধিক ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। উল্লেখ্য যে উচ্চ শিক্ষাৰ প্ৰতি ছাত্ৰীসকলক উৎসাহিত কৰা, আৰ্থিক বাধাৰ বাবে শিক্ষাজীৱন সামৰিবলগীয়া হোৱা পৰিস্থিতি হ্ৰাস কৰা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে ছাত্ৰীসকলক নিজৰ শৈক্ষিক লক্ষ্য পূৰণৰ ক্ষেত্ৰত বিশেষভাৱে উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিত সহায় কৰিব। আনহাতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত আঁচনি সম্পৰ্কে বক্তব্য প্ৰদান কৰি তথ্য প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাই উল্লেখ কৰে যে, “শিক্ষা হৈছে সমাজৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ আটাইতকৈ শক্তিশালী মাধ্যম। বিশেষকৈ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ সুগম কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপ অতি আদৰণীয়। আৰ্থিক সহযোগিতাই কেৱল শিক্ষাৰ সুযোগেই সৃষ্টি নকৰে, বৰঞ্চ ছাত্ৰীসকলৰ মনত আত্মবিশ্বাস, স্বাৱলম্বিতাৰ মনোভাৱ আৰু নিজৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰেৰণা যোগায়। শিক্ষাৰ প্ৰসাৰ তথা অন্তৰ্ভুক্তিমূলক সমাজ গঢ়াৰ দিশত অসম চৰকাৰৰ এই পদক্ষেপক বিভাগটোৱে আদৰণি জনায়। অনুষ্ঠানত বিভিন্ন শৈক্ষিক বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক শিক্ষাৰ্থী সমন্বিতে ছাত্ৰীসকল উপস্থিত থাকে।

Comments (0)
Add Comment