শিল্পী ডল সিনহাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী গীতৰ মিউজিক ভিডিঅ’ জনম জনমে উন্মোচন

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সৈতে ডল সিনহাৰ দ্বিতীয়টো বিষ্ণুপ্ৰিয়া মণিপুৰী গীত ১ নৱেম্বৰত গুৱাহাটীত মুকলি কৰা হয়। ডল সিনহা হ’ল দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আৰু তেওঁ বৰাক উপত্যকাৰ বাসিন্দা। অধিবক্তা হোৱাৰ উপৰিও তেওঁ এগৰাকী গায়িকাও। তেওঁ ২০১৮ চনত জুবিন গাৰ্গৰ সৈতে ‘COFFEE ELA BAARO YAAR’ শীৰ্ষক প্ৰথম এলবামৰ জৰিয়তে সংগীতিক যাত্ৰা আৰম্ভ কৰিছিল। যিটো এনোপা প্ৰডাকছনৰ (ENOPA PRODUCTIONS) বেনাৰত নিৰ্মাণ কৰা হৈছিল। সম্প্ৰতি জুবিন গাৰ্গৰ সৈতে বাণীবদ্ধ কৰা আন এটা বিষ্ণুপ্ৰিয়া মণিপুৰী গীত শেহতীয়াকৈ মুক্তি দিয়া হয়। এই গীতটোৰ সুৰ কৰিছে দিলীপ সিনহাই আৰু গীতটোৰ কথা বৰাক উপত্যকাৰ পদ্মজা সিনহাৰ। ডল সিনহা বৰাক উপত্যকাৰ একমাত্ৰ শিল্পী যিয়ে জুবিন গাৰ্গৰ সৈতে মিউজিক ভিডিঅ’ত গীত গাইছে আৰু অভিনয় কৰিছে। ‘নিৰলে খানি’ শীৰ্ষক গীতটো আছিল প্ৰথম বিষ্ণুপ্ৰিয়া মণিপুৰী মিউজিক ভিডিঅ’। গীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছে কলকাতাৰ তন্ময় চট্টোপাধ্যায়ে। ইয়াৰ উপৰিও মিউজিক প্ৰডাকচন আৰু মিক্সিং-মাষ্টাৰ কৰিছে চানিভ জুলফিয়ে। যি বলীউডৰ এগৰাকী মিউজিক প্ৰডিউচাৰ, কম্পোজাৰ আৰু অডিঅ’ ইঞ্জিনিয়াৰ। তেওঁ অসমৰ উত্তৰ লখিমপুৰৰ বাসিন্দা। চেন্নাইৰ এ.আৰ. ৰহমান কে এম কলেজ অৱ মিউজিক ষ্টুডিঅত সংগীত অধ্যয়ন কৰাৰ ক্ষেত্ৰত চানিভ জুলফিৰ বাবে জুবিন গাৰ্গ আছিল মূল পথ প্ৰদৰ্শক আৰু জীৱন সলনি কৰা এই পথ প্ৰদৰ্শনৰ বাবে তেওঁ সদায় জুবিন গাৰ্গৰ ওচৰত কৃতজ্ঞ হৈ থাকিব। ‘জনম জনমে’ গীতৰ মিউজিক ভিডিঅ’টো পৰিচালনা কৰিছে প্ৰভু ভি. আৰু এ আই ক্ৰিয়েটিভ হেড কলকাতাৰ সায়ন্তন অধিকাৰীয়ে। মিউজিক ভিডিঅ’টো সম্পূৰ্ণৰূপে কেৰালা ৰাজ্যত শ্বুটিং কৰা হৈছিল। মিউজিক ভিডিঅ’টো ইউটিউবত dollsinha4403ত মুকলি কৰা হ’ব আৰু ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জয়ন্তীৰ প্ৰাকক্ষণত গীতটো সকলো মিউজিক প্লেটফৰ্মতে উপলব্ধ হ’ব। পহিলা নৱেম্বৰৰ সন্ধিয়া ৬: ৩০ বজাত হোটেল গেটৱে গ্ৰেণ্ডিউৰত আয়োজিত অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ, ড° পামি বৰঠাকুৰ আৰু মডেল-অভিনেতা তৰুণ ৰাজ অৰোৰা, ‘মন যায়’ পৰিচালক এম মণিৰাম, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংস্কৃতিকপ্ৰেমীৰ উপস্থিতি কামনা কৰিছে ডল সিনহা আৰু পদ্মজা সিনহাই।

Comments (0)
Add Comment