অসমৰ পাহাৰত গেনাইট শিলৰ খনন কাৰ্য্য চলিব

খনি আৰু খনিজ জাত সামগ্ৰী বাবে অসম বিখ্যাত।শেহতীয়াকৈ এই ক্ষেত্ৰখনৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে।অচিৰেই অসমৰ বিভিন্ন ঠাইত পোৱা গেনাইট শিলৰ বৈধ খনন কাৰ্য্য চলিব।উল্লেখযোগ্য যে সুদূৰ ৰাজস্থানৰ পৰা অসমলৈ বহু পৰিমাণে গেনাইট আহে।এই গেনাইট শিল সমূহ ঘৰ বনোৱা কাৰ্যত ব্যৱহাৰ হয়।এই সম্পৰ্কে এগৰাকী বিজ্ঞানীয়ে প্ৰকাশ কৰে যে অসমৰ বিভিন্ন পাহাৰৰ উপলব্ধ গেনাইট শিলৰ মানদণ্ড যথেষ্ট উচ্চ।সেয়ে গেনাইট শিলৰ বজাৰ মূল্য সমীক্ষা কৰি চৰকাৰে নিলামৰ ব্যৱস্থা কৰিছে।আজিৰে পৰা গেনাইট নিলাম আৰম্ভ হ’ব।অসমৰ পাহাৰত থকা ২২ টা ব্লকত খনন কাৰ্য্য চলিব।প্ৰথম পৰ্য্যায়ত বিশেষকৈ গোৱালপাৰা, কামৰূপ, মৰিগাঁও জিলাত গেনাইট শিলৰ বাবে খনন কাৰ্য্য চলিব ।গেনাইট শিলৰ বাবে লোৱা এনে পদক্ষেপে নিশ্চয়কৈ ৰাজহৰ দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।

Comments (0)
Add Comment