অসমৰ বানাক্ৰান্তৰ বাবে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু কেৰী মিনতিৰ সহায়ৰ হাত, সহায়ৰ আহ্বান জন আব্ৰাহাম আৰু বৰুণ ধাৱানৰ

সমগ্ৰ ৰাজ্যজুৰি ক’ৰণা মহামাৰীয়ে তাণ্ডৱ চলাই থকাৰ সমান্তৰালকৈ সম্প্ৰতি ৰাজ্যৰ উজনিৰ পৰি নামনিলৈ চলি আছে বানৰ সংহাৰী ৰূপ। যাৰ ফলত এতিয়া মথাউৰিবোৰে হৈ পৰিছে বানাক্ৰান্তৰ শেষ  আশ্ৰয়স্থলী।প্ৰবল বানত পৰি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য আৰু বাসস্থানৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
 
 
 
এই ভয়ানক সংকটৰ মাজতে বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন লোক। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ লগতে আন এগৰাকী জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনতিয়ে সহায়ৰ আগবঢ়াইছে। ইউটিউবৰ জৰিয়তে বানাক্ৰান্ত লোকৰ বাবে সাহাৰ্য্য প্ৰদান কৰিছে দুয়োগৰাকী ইউটিউবাৰে। ডিম্পু বৰুৱা আৰু কেৰী মিনতিৰ এই প্ৰচেষ্টাক এতিয়া প্ৰতিজন লোকে শলাগ লৈছে।
 
 
আনহাতে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বলিউডৰ দুই জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধাৱানেও চ’চিয়েল মিডিয়াযোগে অসমৰ বানাক্ৰান্ত সকলক সহায়ৰ বাবে আহ্বান জনাইছে। অভিনেতা জন আব্ৰাহামে তেখেতৰ টুইটাৰ একাউণ্টযোগে বান বিধ্বস্ত অসমৰ কেইখনমান ফটো শ্বেয়াৰ কৰি লিখিছে – অসমক সহায়ৰ প্ৰয়োজন, সোনকাল কৰক। আনহাতে বৰুণ ধাৱানেও অসমৰ বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে  ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীৰ জৰিয়তে আহ্বান জনাইছে।
 
অভিনেতা জন আব্ৰাহামে অসম চৰকাৰৰ ৰিলিফ ফাণ্ডৰ লিংক শ্বেয়াৰ কৰি ইয়াৰ জৰিয়তে সাহাৰ্য্য আগবঢ়াবলৈ আহ্বান জনাইছে।সম্প্ৰতি ৰাজ্যৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি পূৰ্বৰ দৰেই আছে। বানৰ ফলত কাজিৰঙাৰ জীৱ জন্তু বোৰৰ খাদ্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে। যাৰ ফলত ৰাজপথলৈ জীৱ জন্তুবিলাক ওলাই আহিছে। জীৱ জন্তু বিলাকৰ খাদ্য সামগ্ৰী তথা বাসস্থানৰ ক্ষেত্ৰত এতিয়া কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

Comments (0)
Add Comment