অসম গেছ কোম্পানীৰ অনলাইন পৰ্টেল “মাতৃদ্বীপ” শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাই

অসম গেছ কোম্পানী লিমিটেডে মুকলি কৰা অনলাইন আঁচনি “মাতৃদ্বীপ” আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে অসম গেছ কোম্পানীয়ে প্ৰাকৃতিক গেছ ব্যৱসায় সম্প্ৰসাৰণৰ দিশত বহুখিনি অগ্ৰসৰ হৈছে। এইক্ষেত্ৰত অসম চৰকাৰেও গেছ কোম্পানীক সহযোগিতা আগবঢ়াই আহিছে। এইবাৰ গ্ৰাহকলৈ ডিজিটেল সেৱা আগবঢ়াইছে অসম গেছ কোম্পানীয়ে।এই সেৱাৰ জৰিয়তে গ্ৰাহকসকল যথেষ্ট উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মতপোষণ কৰে।
শেহতীয়াকৈ ঘৰুৱা ৰন্ধন গেছৰ উপভোক্তাসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল মাধ্যমৰ যোগে নাম পঞ্জীয়নৰ আঁচনি মুকলি কৰিছে অসম গেছ কোম্পানী লিমিটেডে । অসম গেছ কোম্পানীয়ে মুকলি কৰা এই অনলাইন আঁচনিৰ জৰিয়তে সকলো শ্ৰেণী উপভোক্তাই পাইপযোগে ঘৰুৱা ৰন্ধন গেছৰ সুবিধা সহজে লাভ কৰিব । উপভোক্তা সকলে ঘৰুৱা ৰন্ধন গেছৰ উপভোগৰ বাবে ঘৰতে বহি নিজৰ নাম ঠিকনা পঞ্জীয়ন কৰিব মাতৃদ্বীপ পৰ্টেলটোত আৰু পৰৱৰ্তী সময়ত কৰ্মচাৰীয়ে উপভোক্তাৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ যাৱতীয় তথ্যপাতি সংগ্ৰহ কৰি কম সময়ৰ ভিতৰতে গেছ যোগানৰ ব্যৱস্হা কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতীয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত, ৰাজ্যিক শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কৃষাণ, শক্তিমন্ত্ৰী বিমল বড়া, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,স্থানীয় বিধায়ক তেৰছ গোৱালাৰ উপস্হিতিত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰিম’ট টিপি অনলাইন আঁচনি শুভাৰম্ভ কৰে।অসম গেছ কোম্পানীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই শুভাৰম্ভ কাৰ্যসূচীত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে কোম্পানীটোৰ বৰ্তমান আৰু ভৱিষ্যত কাৰ্যপন্হাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰা লগতে অনলাইন আঁচনিৰ সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াই। কাৰ্যসূচী আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই অসম গেছ কোম্পানীৰ মুখ্য বিত্তীয় বিষয়া হৰেন মহন্তই। এই কাৰ্যসূচীত উপ মহাপ্ৰৱন্ধক মনোজ কুমাৰ বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সম্ভাষণ জ্ঞাপন কৰে।

Comments (0)
Add Comment