অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰী নিৰ্দেশ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে লোকনিৰ্মান বিভাগৰ নিৰ্মাণ ব্যৱস্থাপনা সামৰ্থ বৃদ্ধিৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড নামৰ এই প্ৰতিষ্ঠানটো ২০১৬ চনতে গঠন কৰা হৈছিল।শেহতীয়াকৈ লোকনিৰ্মান বিভাগে ৰাজ্যজুৰি পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণ বাবে কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিভাগটোত এই আঁচনি সমূহৰ সুষম ব্যৱস্থাপনা অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লোৱা হৈছে।বৈঠকত মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ মৰ্মে এতিয়াৰে এই প্ৰতিষ্ঠানটোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
এই বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত পথ যোগাযোগ ব্যৱস্থাৰে ৰাজ্য বিভিন্ন স্থান সংযুক্ত কৰি যাতায়তৰ সময় হ্ৰাস কৰা ওপৰতো গুৰুত্ব আৰোপ কৰে।ইয়াৰ আধাৰতে ধুবুৰী পৰা চিলাপথাৰলৈ ৪১৬ কিলোমিটাৰ দৈৰ্ঘ্য গোহাঁইকমল আলিক বিশেষ অৰ্থনৈতিক কৰিড’ৰ হিচাপে তোলাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মান বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজেশ কেম্প্ৰাই আৰু বিশেষ সচিব বিভূতি শইকীয়াও উপস্থিত থাকে

Comments (0)
Add Comment